ডিব্ৰুগড় জিলাৰ মোকলবাৰী চাহ বাগিচা আৰু তিনিচুকীয়া চহৰৰ চেইন লুকছ হাস্পতালত দীৰ্ঘদিন চিকিৎসা কৰি থকা এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে চাবুৱা আৰক্ষীয়ে। আৰক্ষীৰ মতে, মেট্ৰিক ফেইল হোৱা ভুৱা চিকিৎসকজনে ডাঃ ষ্টিফেন এন্থনী নাম লৈ চিকিৎসা বিষয়া হিচাপে সেৱা আগবঢ়াই আহিছে । ভুৱা চিকিৎসকজনৰ প্ৰকৃত নাম চাইমন নাগ ওৰফে ৰূবেন নাগ । বৰ্তমান ছিংগাপুৰত কাম কৰি থকা ডাঃ ষ্টিফেন এন্থনী নামৰ এজন কৰ্ণাটকস্থিত চিকিৎসকৰ পৰিচয় চুৰ কৰি চিকিৎসক হিচাপে পৰিচয় দি আহিছিল ভুৱা চিকিৎসকগৰাকীয়ে ।
চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুলুমণি দুৱৰাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক । এন্থনীয়ে ২০০৩ চনত ডিব্ৰুগড়ৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁৰ দশম শ্ৰেণীৰ পৰীক্ষাত সামগ্ৰিকভাৱে মাত্ৰ ১৩৭ নম্বৰ লাভ কৰিছিল। ২০০৯ চনৰ পৰা তেওঁ চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে আৰু ২০১৮ চনত মোকালবাৰী চাহ বাগিচাত যোগদান কৰাৰ আগতে কেইবাখনো চাহ বাগিচাত সেৱা আগবঢ়াইছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, ভুৱা চিকিৎসকজনে চিকিৎসা সম্পৰ্কীয় বিভিন্ন আলোচনা চক্ৰত উপস্থিত আছিল আৰু আনকি বহুতো পুৰস্কাৰো লাভ কৰিছিল। ৰোগীসকলৰ মাজতো বহুত জনপ্ৰিয় আছিল ডাঃ ষ্টিফেন এন্থনী ওৰফে চাইমন নাগ। বৰ্তমান আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে লোকজনক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|