মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰপেটাৰোডত বহু মহিলাৰ জীৱনলৈ অন্ধকাৰ নমাই অনা ভুৱা চিকিৎসক গ্ৰেপ্তাৰ! কেৱল ভুৱা চিকিৎসকেই নহয়, আৰু আছে কুকীৰ্তি

বৰপেটাৰোডত বহু মহিলাৰ জীৱনলৈ অন্ধকাৰ নমাই অনা ভুৱা চিকিৎসক গ্ৰেপ্তাৰ! কেৱল ভুৱা চিকিৎসকেই নহয়, আৰু আছে কুকীৰ্তি

নিজৰ ফাৰ্মাচীত নিজকে স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ ডাঃ এছ কে ৰয় বুলি এখন চাইনবোৰ্ড আঁৰি দীৰ্ঘদিনৰে পৰাই চিকিৎসা সেৱা কৰিছিল ভুৱা চিকিৎসকজনে৷ 

নিজৰ ফাৰ্মাচীত নিজকে স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ ডাঃ এছ কে ৰয় বুলি এখন চাইনবোৰ্ড আঁৰি দীৰ্ঘদিনৰে পৰাই চিকিৎসা সেৱা কৰিছিল ভুৱা চিকিৎসকজনে৷ 

নিজৰ ফাৰ্মাচীত নিজকে স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ ডাঃ এছ কে ৰয় বুলি এখন চাইনবোৰ্ড আঁৰি দীৰ্ঘদিনৰে পৰাই চিকিৎসা সেৱা কৰিছিল ভুৱা চিকিৎসকজনে৷ 

  • Share this:
বৰপেটাৰোডত ওলাইছে মুন্নাভাই এম বি বি এছ৷ ভুৱা চিকিৎসকজনৰ নাম সমীৰ কুমাৰ ৰয়৷ পশ্চিম বংগৰ মালদহ জিলাৰ আলিপুৰ গাঁৱৰ এইজন লোকে বৰপেটাৰোডৰ এগৰাকী মহিলাক বিয়া পাতি স্থায়ীভাৱে জাখলিৰপাৰত বসবাস কৰি চিকিৎসকৰ ৰূপ ধাৰণ কৰি চিকিৎসা আগবঢ়াই আহিছিল৷ বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ জাখলিৰপাৰত এখন ফাৰ্মাচী খুলি নিজেই চিকিৎসক হিচাপে লোকক চিকিৎসা কৰিছিল৷ নিজৰ ফাৰ্মাচীত নিজকে স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ ডাঃ এছ কে ৰয় বুলি এখন চাইনবোৰ্ড আঁৰি দীৰ্ঘদিনৰে পৰাই চিকিৎসা সেৱা কৰিছিল ভুৱা চিকিৎসকজনে৷

এইজন ভুৱা চিকিৎসক সমীৰ কুমাৰ ৰয়ে কেইবাগৰাকীও মহিলাৰ গৰ্ভত থকা ভ্ৰুণ ভুল চিকিৎসাৰে নষ্ট কৰি পেলোৱাৰ লগতে আন কেইবাগৰাকীও মহিলাক কৰা ভুল চিকিৎসাৰ ফলত গৰ্ভধাৰণ কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱা বুলিও অভিযোগ উত্থাপন হৈছে৷

তাৰোপৰি এইজন স্বয়ম্ভু চিকিৎসকে এগৰাকী শিক্ষকৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপনৰো অভিযোগ উত্থাপন হৈছে ৷ শিক্ষকগৰাকীৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি শিক্ষকজনৰ পত্নীক ফুচুলাই ঘৰৰ পৰা খেদি মাতৃগৃহলৈ পঠিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ স্বামীয়ে৷ বৰ্তমান শিক্ষকজনে দুই নাবালিকা সন্তানৰ সৈতে কষ্টকৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷

ভুৱ এম বি বি এছগৰাকীৰ বিৰুদ্ধে শিক্ষকগৰাকীয়ে বাক্সাৰ শিমলাগুৰি আৰক্ষীক এজাহাৰ দিয়াত শিমলাগুৰি আৰক্ষীয়ে মুন্না ভাই এম বি বি এছ সমীৰ কুমাৰ ৰয়ক কৰায়ত্ত কৰি সোমবাৰে জে’ললৈ প্ৰেৰণ কৰে৷

শেহতীয়া বাতৰি