• Home
  • »
  • News
  • »
  • assam
  • »
  • গুজৰাটৰ মুৰ্গা ব্ৰেণ্ডৰ জিৰাৰ নামত নকল জিৰাৰ ব্যৱসায় বৰপেটাৰোডত, আৰক্ষীয়ে অভিযান চলালে গুদামত

গুজৰাটৰ মুৰ্গা ব্ৰেণ্ডৰ জিৰাৰ নামত নকল জিৰাৰ ব্যৱসায় বৰপেটাৰোডত, আৰক্ষীয়ে অভিযান চলালে গুদামত

উদ্ধাৰ কৰা নকল জিৰাৰ মূল্য প্ৰায় ৫ লক্ষ টকা

উদ্ধাৰ কৰা নকল জিৰাৰ মূল্য প্ৰায় ৫ লক্ষ টকা

উদ্ধাৰ কৰা নকল জিৰাৰ মূল্য প্ৰায় ৫ লক্ষ টকা

  • Share this:
নকল মুৰ্গা ব্ৰেণ্ডৰ জিৰা ব্যৱসায়েৰে কোটিপতি হোৱা বৰপেটাৰোডৰ ৰোহিদাস সাহা নামৰ মচলা ব্যৱসায়ীজনৰ পিছত এইবাৰ কৃষ্ণ সাহা নামৰ বৰপেটাৰোডৰ আন এজন ব্যৱসায়ীয়ে পুনৰ নকল গুজৰাটৰ মুৰ্গা ব্ৰেণ্ডৰ জিৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ কৰিছে গুজৰাটৰ আহমেদাবাদৰ মুৰ্গা জিৰা ব্ৰেণ্ড কোম্পানীৰ সুনীল পাণ্ডেই।

এই অভিযোগ মৰ্মে  কালি বৰপেটাৰোড আৰক্ষীৰ সহযোগত প্ৰায় ১৮৭৫ পেকেট নকল মুৰ্গা জিৰা বৰপেটাৰোডৰ সমীপৰ কলহভঙাৰ পৰা কৃষ্ণ সাহাৰ গুদামৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গুজৰাটৰ মুৰ্গা ব্ৰেণ্ড কোম্পানীৰ জিৰা বৰপেটাৰোডৰ মুৰ্গা গোল্ড নামকৰণ কৰি বিক্ৰী কৰি আহিছিল বৰপেটাৰোডৰ ব্যৱসায়ী কৃষ্ণ সাহা নামৰ এই ব্যৱসায়ীগৰাকীয়ে। ইয়াৰ পূৰ্বেও যোৱা ২০ জুলাইত আন এগৰাকী ব্যৱসায়ী ৰোহি সাহাই মুৰ্গা ব্ৰেণ্ডৰ জিৰা মুৰ্গা লাল নামেৰে নামকৰণ কৰি বিক্ৰী কৰি অহাৰ অভিযোগৰ ভিত্তিত বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

কালি বৰপেটাৰোড আৰক্ষীৰ সহযোগত মুম্বাইৰ পৰা অহা মুৰ্গা ব্ৰেণ্ডৰ কোম্পানীৰ কৰ্তৃপক্ষই নকল মুৰ্গা ব্ৰেণ্ডৰ জিৰা উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নকল জিৰাৰ মূল্য প্ৰায় ৫ লক্ষ টকা হ'ব বুলি জনায়। গুজৰাটৰ মুৰ্গা জিৰা কোম্পানীৰ পেকেট নকল কৰি মুৰ্গা জিৰাৰ নকল পেকেটিং কৰি সেই ডুপ্লিকেট মুৰ্গা জিৰা বজাৰত বিক্ৰী কৰি অবৈধভাৱে ব্যাপক ধন ঘটি আহিছিল বুলি  গুজৰাটৰ অৰিজিনেল মুৰ্গা জিৰা কোম্পানীৰ বিষয়াগৰাকীয়ে জনায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি