নগাঁৱত উদ্ধাৰ হোৱা চৰকাৰী প্ৰমাণপত্ৰৰ সঠিক তদন্ত কৰিবলৈ চৰকাৰক আহ্বান বিধায়ক ৰূপক শৰ্মাৰ
নগাঁৱৰ মধুপুৰত প্ৰায় ১২ হাজাৰ চৰকাৰী প্ৰমাণপত্ৰ আৰক্ষীৰ অভিযানত জব্দ হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিধায়ক গৰাকীয়ে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "মকবুল হুছেইন আৰু আব্দুল খালেকৰ দৰে ব্যক্তিয়ে এনে প্ৰমাণপত্ৰৰ জৰিয়তে জালিয়াতিৰে বহু সন্দেহযুক্ত নাগৰিকৰ নাম NRCত সোমোৱাত সহায় কৰিছিল। এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে। আমি পূৰ্বতেও কৈছিলো এই NRCক লৈ আমি সন্তুষ্ট নহয় আৰু নগাঁৱৰ ঘটনাই ইয়াক পুনৰ প্ৰমাণ কৰিলে।"
বিধায়কগৰাকীয়ে লগতে আক্ষেপ প্ৰকাশ কৰি কয়, "এই কাৰ্যৰ লগত চৰকাৰী বিষয়াও জড়িত আছে। অন্যথা চৰকাৰী বিষয়াৰ স্বাক্ষৰ সম্বলিত এনে প্ৰমাণপত্ৰ মকবুল, খালেকহঁতৰ দৰে ব্যক্তিয়ে পোৱাটো অসম্ভৱ।"
ইপিনে নগাঁও আৰক্ষীয়েও এই ঘটনাৰ অন্তৰালত এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে মকবুল হুছেইনক জেৰা অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|