
HIGHLIGHTS
যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় (JMCH) চৌহদত পোহৰলৈ আহিছে এক ভয়ংকৰ কাণ্ড । একাংশ পেথলজিকেল লেবৰেটৰীয়ে ব্লাড টেষ্টৰ নামত চলাই আহিছে ভুৱা ৰিপ'ৰ্টৰ বেহা । কিছুমানবিশেষ এজেণ্ট নিয়োগ কৰি এনে লেবৰেটৰীসমূহে টাৰ্গেট কৰি লৈছে জেএমচিএইছত ভৰ্তি হৈ থকা ৰোগীসকলক ।
যোৰহাট চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা হৈছে বহু পেথলজিকেল লেবৰেটৰী । একাংশ লেবৰেটৰীয়ে নিয়োগ কৰা এজেণ্টৰ জৰিয়তে JMCHত চিকিৎসাধীন হৈ থকা ৰোগীৰ কাষ চাপি বিভিন্ন পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে তেজৰ নমুনা । কিন্তু এনেদৰে বাহিৰত পৰীক্ষা কৰিবলৈ নিয়া বহু তেজ পৰীক্ষাৰ ৰিপোৰ্টেই হৈছে ভুৱা । কাৰণ আইচিইউত ভৰ্তি হৈ থকা ৰোগীৰ স্বাস্থ্যৰ অৱস্থাৰ সৈতে মিল নথকা অদ্ভুদ ৰিপৰ্ট লাভ কৰি হতভম্ব হৈ পৰিছে JMCHৰ চিকিৎসকসকল ।
এনে লেবৰেটৰীসমূহত পৰীক্ষা কৰাবলৈ ৰোগীক প্ৰলোভিত কৰা এগৰাকী কৰ্মচাৰীক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বিতও কৰিছে জেএমচিএইছ কৰ্তৃপক্ষই । আনহাতে JMCHত নিয়োজিত একাংশ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধেও উঠিছে সন্দেহৰ আঙুলি । ইয়াৰ বিনিময়ত কমিচন লাভ কৰে এইসকল লোকে ।
" বাহিৰৰ লেবৰেটৰীত কৰা কিছুমান ব্লাড টেষ্টৰ ৰিপ'ৰ্ট ৰোগীৰ স্বাস্থ্যৰ সৈতে একেবাৰে নিমিলে। আইচিইউত থকা ৰোগীৰো এনে টেষ্টৰ ফলাফল নৰ্মেল আহে । একাংশ লেবৰেটৰীয়ে এয়া অতি বেয়া কাম কৰি আছে । আমি এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাট জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছোঁ । এই ক্ষেত্ৰত অধিক সতৰ্ক হ'বলৈ ৰোগী তথা ৰোগীৰ আত্মীয়সকলক আমি আহ্বান জনাইছোঁ ।" জেএমচিএইছৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই এনেদৰে কয় ।
আনহাতে যোৰহাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা জানিব পৰা মতে চৰকাৰৰ স্বাস্থ্য বিভাগৰ এনে ধৰণৰ লেবৰেটৰীসমূহৰ ওপৰত বিশেষ কোনো নিয়ন্ত্ৰণ নাই । কাৰণ অনলাইনত আবেদন কৰিয়েই এনে লেবৰেটৰীসমূহে পঞ্জিয়ন কৰে আৰু লেবৰেটৰীসমূহ চৰকাৰী ভাৱে পৰিদৰ্শন কৰাটো বাধ্যতামূলক নহয় । স্বাস্থ্য বিভাগৰ এনে শিথিলতাৰ বাবেই এনে ধৰণৰ ভয়ঙ্কৰ ঘটনা সংঘটিত হ'বলৈ পোৱা বুলি বৰ্তমান বিভিন্ন মহলত চৰ্চা হৈছে আৰু এনে ধৰণৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক জনসাধাৰণে আহ্বান জনাইছে ।