শিলচৰত ভণ্ড বাবাক গ্ৰেপ্তাৰ, প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা ধন আত্মসাতৰ অভিযোগ

News18 Assam | News18-Assam
Updated:September 15, 2020, 1:36 PM IST
শিলচৰত ভণ্ড বাবাক গ্ৰেপ্তাৰ, প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা ধন আত্মসাতৰ অভিযোগ
জৰা–ফুকাৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছিল দুয়ো৷

জৰা–ফুকাৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছিল দুয়ো৷

  • News18 Assam
  • Last Updated: September 15, 2020, 1:36 PM IST
  • Share this:
শিলচৰত ভণ্ড বাবক গ্ৰেপ্তাৰ৷ প্ৰৱঞ্চনা কৰি অসংখ্য লোকৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ ভণ্ড বাবাসহ এজন আৰক্ষী কৰ্মীৰ ওপৰত৷ অসম আৰক্ষীৰ কনিষ্টবল নজমুল হুছেইন খাদেম আৰু ভণ্ড বাবা জালাল উদ্দিন লস্কৰে শিলচৰত বিভিন্ন  লোকৰ পৰা বিভিন্ন প্ৰলোভনেৰে দীৰ্ঘদিনৰ পৰা ধন সংগ্ৰহ কৰি আছিল৷

জৰা–ফুকাৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছিল দুয়ো৷ আৰক্ষী কৰ্মীজনে গ্ৰাহক সংগ্ৰহ কৰি ভণ্ড বাবাৰ ওচৰলৈ যোৱাৰ কাম কৰিছিল৷ পিছে এইবাৰ দিন বেয়া আছিল দুই প্ৰৱঞ্চকৰ৷

এজন ভুক্তভোগীয়ে শিলচৰ সদৰ থানাত দুই প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ তৰে৷ গোচৰৰ  তদন্ত কৰি নিশা ভণ্ড বাবজনক গ্ৰেপ্তাৰ কৰে শিলচৰ ৰাঙিৰখাড়ি আৰক্ষীয়ে৷ লগতে আৰক্ষী কৰ্মী নজমুলক মাতি আনি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ইফালে ভণ্ড বাবাক গ্ৰেপ্তাৰৰ খবৰ পাই নিশা থানাত ভিৰ কৰে ভুক্তভোগী বহু লোকে৷ আৰক্ষী কৰ্মীজনক গ্ৰেপ্তাৰৰ দাবী জনায় ভুক্তভোগী লোকসকলে৷
Published by: Sanjay Kumar Das
First published: September 15, 2020, 1:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading