আজাৰাত ১১জন ভুৱা সেনা জোৱান গ্ৰেপ্তাৰ, বৰঝাৰ বিমানবন্দৰত দিছিল টহল

News18 Assam | News18-Assam
Updated:November 17, 2020, 4:52 PM IST
আজাৰাত ১১জন ভুৱা সেনা জোৱান গ্ৰেপ্তাৰ, বৰঝাৰ বিমানবন্দৰত দিছিল টহল
বৰ্তমান আটাইকেইজনক আজাৰা আৰক্ষী থানাত ৰাখি সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বৰ্তমান আটাইকেইজনক আজাৰা আৰক্ষী থানাত ৰাখি সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

  • Share this:
নিশা মহানগৰীৰ আজাৰাত ভুৱা সেনা জোৱান গ্ৰেপ্তাৰ। ১১ জনকৈ যুৱকে যোৱানিশা সেনাৰ ইউনিৰ্ফম পিন্ধি বৰঝাৰ বিমানবন্দৰত টহল দি থকা অৱস্থাত আজাৰা আৰক্ষীয়ে সন্দেহ হোৱাত আটাইকেইজনক আজাৰা আৰক্ষী থানালৈ লৈ আনে। ধৃত যুৱককেইজন ক্ৰমে গণেশ দাস, সৌৰভ শৰ্মা, ধিমন কৃষ্ণ, জয়মণি শৰ্মা, নয়নজ্যোতি গৌতম, বিজয় মণি শৰ্মা, দ্বিজেন শৰ্মা, ৰিপুঞ্জয় গোস্বামী, ৰূপম শৰ্মা, জ্ঞানন্দ দাস আৰু কৌশিক ভূঞা। ইয়াৰে ভিতৰত ধিমন কৃষ্ণৰ নেতৃত্বত CIVIL Soldier ৰেংকত আটাইকেইজনক কৰ্মত নিয়োজিত কৰিছিল বুলি জানিব পৰা গৈছে।

ভুৱা যুৱককেইজনৰ ঘৰ পাটাছাৰকুছি, বাইহাটা চাৰিআলি, নলবাৰী আৰু সৰ্থেবাৰীত। ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই চলাই আছে তদন্ত। যুৱককেইজনৰ পৰা আৰক্ষীয়ে এখন মাৰুটি ছুইফ্ট গাড়ী, পাঁচখন মটৰ চাইকেলৰ উপৰি ভুৱা I-Card জব্দ কৰে।

বৰ্তমান আটাইকেইজনক আজাৰা আৰক্ষী থানাত ৰাখি সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনহাতে, গ্ৰেপ্তাৰ হোৱা যুৱককেইজনৰ পৰিয়ালৰ লোকে জনোৱা মতে তেওঁলোকক নিযুক্তি দিছিল ধিমান কৃষ্ণই। ধিমান কৃষ্ণই সেনাৰ উচ্চ পদত থকা কোৱাৰ পিছত যুৱকসকলে যোগাযোগ কৰিছিল ধিমানৰ লগত। তাৰ পিছত আটাইকেইজনক নিযুক্তি দিয়া হৈছিল।
Published by: Sanjay Kumar Das
First published: November 17, 2020, 4:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading