CIDত চাকৰি দিয়াৰ প্ৰলোভন দিছে নেকি কোনোবাই, ভুলতো ভৰি নিদিব এই প্ৰৱঞ্চনাৰ জালত, যোৰহাটত কি হ’ল চাওক

News18 Assam | News18-Assam
Updated:February 12, 2020, 12:12 PM IST
CIDত চাকৰি দিয়াৰ প্ৰলোভন দিছে নেকি কোনোবাই, ভুলতো ভৰি নিদিব এই প্ৰৱঞ্চনাৰ জালত, যোৰহাটত কি হ’ল চাওক
আপুনি বিশ্বাস কৰিবলৈ টান পালেও দেশৰ গৃহ বিভাগৰ অধীনস্থ চোৰাংচোৱা বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চক চক্ৰই একাংশ যুৱকক জাল নিযুক্তি পত্ৰ প্ৰদান কৰি আহিছে।

আপুনি বিশ্বাস কৰিবলৈ টান পালেও দেশৰ গৃহ বিভাগৰ অধীনস্থ চোৰাংচোৱা বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চক চক্ৰই একাংশ যুৱকক জাল নিযুক্তি পত্ৰ প্ৰদান কৰি আহিছে।

  • News18 Assam
  • Last Updated: February 12, 2020, 12:12 PM IST
  • Share this:
যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ প্ৰৱঞ্চনাৰ ঘটনা। প্ৰৱঞ্চকৰ দলে এইবাৰ লক্ষ্য কৰি লৈছে দেশৰ গৃহ বিভাগক। আপুনি বিশ্বাস কৰিবলৈ টান পালেও দেশৰ গৃহ বিভাগৰ অধীনস্থ চোৰাংচোৱা বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চক চক্ৰই একাংশ যুৱকক জাল নিযুক্তি পত্ৰ প্ৰদান কৰি আহিছে। ইয়াৰ বাবে যোৰহাটৰ দেবানন্দ বৰা নামৰ লোকজনে কৌশলেৰে প্ৰথমে নিবনুৱা যুৱকসকলক নিজৰ জালত বন্দী কৰে। তাৰ পিছত  কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা SIB আৰু অসম আৰক্ষীৰ CID বিভাগত চাকৰি দিয়াৰ নামত গুৱাহাটীৰ কাৰ্যালয়লৈ নি উচ্চপদস্থ বিষয়াৰ সৈতে লগ কৰোৱাই যুৱকসকলক চাকৰিৰ নিশ্চিতি প্ৰদান কৰে দেবানন্দ বৰাই।

গুৱাহাটীলৈ কিছুদিন অহাযোৱা কৰাৰ পিছতে অৱশেষত SIBত নিযুক্তি লাভ কৰাৰ নিযুক্তিপত্ৰ প্ৰদান কৰা হয় যুৱকসকলক। এনে নিযুক্তিপত্ৰ লাভ কৰাৰ পিছত দেবানন্দ বৰাৰ সৈতে যোৰহাটৰ কৃষ্ণ ৰবিদাস নামৰ এজন যুৱক ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত থকা এগৰাকী মহিলা বিষয়াক লগ ধৰি চাকৰিত যোগদানৰ কথাও পাতিছিল।

অতি আশাৰে ডিব্ৰুগড়ত চাকৰিত যোগদান কৰিবলৈ বাট চাই থকা কৃষ্ণক পিছত উক্ত মহিলা বিষয়াগৰাকীয়ে এই নিযুক্তিপত্ৰৰ নথি–পত্ৰসমূহ ভুৱা বুলি জানিবলৈ দিয়ে। অনুৰূপ ধৰণেৰে যোৰহাটৰ আৰু কেইবাজনো যুৱক এই চক্ৰটোৰ হাতত প্ৰৱঞ্চিত হৈছে।

কৃষ্ণ ৰবিদাসে জানিবলৈ দিয়া মতে, দেবানন্দ বৰাই তেওক গুৱাহাটীৰ উলুবাৰীস্থিত চোৰাংচোৱা বিভাগৰ কাৰ্যালয়লৈ কেইবাবাৰো লৈ যোৱাৰ লগতে উচ্চ পদস্থ বিষয়াৰ সৈতেও চাকৰি সংক্ৰান্তত কথা পতাই দিছিল। আনহাতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদতে বহা এগৰাকী মহিলা বিষয়াকো দেবানন্দ বৰাৰ সৈতে গৈ লগ কৰি নিযুক্তি সন্দৰ্ভত যাৱতীয় নথি-পত্ৰ প্ৰদান কৰিছিল বুলি কৃষ্ণ ৰবিদাসে জানিবলৈ দিয়ে। এই লোকসকলৰ সৈতে দেবানন্দ দাসৰ মধুৰ সম্পৰ্ক থকাটো দেখিবলৈ পাইছিল কৃষ্ণ ৰবিদাসে।

বৰ্তমান দেবানন্দ বৰাই লগ কৰাই দিয়া ডিব্ৰুগড়ৰ উক্ত মহিলা বিষয়াগৰাকী কোন তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। আনহাতে গুৱাহাটীৰ উলুবাৰীস্থিত চোৰাংচোৱা বিভাগৰ কাৰ্যালয় বুলি দেবানন্দ বৰাই লৈ যোৱা কাৰ্যালয়টো কাৰ তথা যুৱকসকলক লগ কৰাই দিয়া শীৰ্ষ বিষয়াজন কোন তাক লৈয়ো প্ৰশ্নৰ সৃষ্টি হৈছে। কিন্তু দেশৰ চোৰাংচোৱা বিভাগত নিযুক্তি দিয়াৰ নামত কৌশলেৰে ভুৱা নিযুক্তিপত্ৰ , ছীল-মোহৰ তৈয়াৰ কৰি প্ৰৱঞ্চনাৰ বৃহৎ জাল পেলোৱা দেবানন্দ বৰাৰ সৈতে আৰু কোন কোন লোক জড়িত সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি