আজি কলকাতালৈ নিয়া হ’ব ফাইজানৰ মৃতদেহ (Faizan Ahmed Death Case)। বিমানযোগে দিনৰ ১১ বজাত নিয়া হ’ব মৃতদেহ। কলকাতাত দ্বিতীয়বাৰৰ বাবে হ’ব মৰণোত্তৰ পৰীক্ষা। ফাইজানৰ পিতৃ–মাতৃয়ে লৈ যাব মৃতদেহ। কলকাতা আৰক্ষীৰ এজন যাব একেখন বিমানতে। বাকী দুজন কলকাতা আৰক্ষীৰ লোক যাব আন এখন বিমানত। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পুৱাই ফাইজানৰ পৰিয়াল, বংগ আৰক্ষীৰ দল, ডিব্ৰুগড় আৰক্ষীৰ উপস্থিতিত মৰ্গত ৰখা ফাইজানৰ শৱদেহ পেকিং কৰি মোহনবাৰী বিমানবন্দৰলৈ লৈ যোৱা হয়।
ইয়াৰ বাবে পুৱা ৪ বজাতে ফাইজানৰ পৰিয়াল উপস্থিত হয় অসম চিকিৎসা মহাবিদ্যালয়ত। চৰকাৰী নথি-পত্ৰ, নিয়ম সম্পাদন কৰি পুৱা প্ৰায় ৭ বজাত মোহনবাৰী বিমানবন্দৰত কফিনত ভৰোৱা শৱদেহ সহ উপস্থিত হয় তেওঁলোক।
উল্লেখ্য যে কলকাতাৰ খৰগপুৰ আই আই টিত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ গেলাপুখুৰীৰ সমীপৰ চান্দমাৰী তিনিআলিৰ সমীপৰ নিৱাসী ছেলিম আহমেদ আৰু ৰেহেনা আহমেদৰ একমাত্র পুত্র ফাইজানৰ মৃতদেহ।
পৰিয়ালে এয়া হত্যা বুলি দাবী কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ে নিৰ্দেশ দিছিল ফাইজানৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াই দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰা হওক। সেয়ে মঙলবাৰে ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টি কবৰস্থানত কবৰস্থ ফাইজানৰ মৃতদেহ পুনৰ খান্দি উলিওৱা হৈছিল।
কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কলকাতা মেডিকেল কলেজলৈ নিয়া হ’ব ফাইজানৰ মৃতদেহ। বুধবাৰে ডিব্ৰুগড় আমোলাপট্টি কবৰস্থানৰ পৰা উলিওৱা হৈছিল ফাইজান আহমেদৰ মৃতদেহৰ অৱশেষ। তাৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হৈছিল ফাইজানৰ মৃতদেহ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 24, 2023, 10:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।