মিত্ৰজোটৰ বিধায়কৰো ৰিপৰ্ট কাৰ্ড বিচাৰিলে বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই
দেশত এতিয়া কোৰোণা ভাইৰাছৰ ভয়ংকৰ ৰূপ। কোৰোণাৰ সংক্ৰমণৰ বাবে এটাৰ পিছত আন এটা অঞ্চল হৈ পৰিছে কণ্টেইনমেণ্ট জ'ন। কিন্তু তেনে সময়তে ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে। ১০০ৰো অধিক আসন জয়ৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশত ৰাইজৰ পৰা প্ৰত্যকটো সমষ্টিৰ বিধায়কৰ ৰিপৰ্ট কাৰ্ড বিচাৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।
বিধায়কসকলৰ ৰিপৰ্ট কাৰ্ড দিবৰ বাবে ৰাজ্যিক বিজেপিয়ে মুকলি কৰিলে ‘www.mlareportcard.in’ ৱেবচাইট আৰু হোৱাটছ আপ নম্বৰ 8011126043। কেৱল শাসকীয় নহয়,বিৰোধী বিধায়কৰো জনতাৰ পৰা ৰিপৰ্ট কাৰ্ড বিচাৰিছে বিজেপিয়ে। জনতাৰ ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত পাৰদৰ্শিতা দেখুৱাব নোৱাৰা শাসকীয় দলৰ বিধায়কে ২০২১ বৰ্ষৰ নিৰ্বাচনত লাভ নকৰিব প্ৰাৰ্থীত্ব। মন্ত্ৰীৰ লগতে মিত্ৰজোঁটৰ বিধায়কৰ ৰিপৰ্ট কার্ডো প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ওচৰত।
ইফালে,প্ৰব্ৰজিত শ্ৰমিক সকলক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে আৰু শ্ৰমিক সকলক উচটাইছে বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে। উল্লেখযোগ্য ইয়াৰ পূৰ্বে বিধায়ক আৰু সংসদৰ ৰিপৰ্ট কাৰ্ডৰ সমীক্ষাত অংশ গ্ৰহণ কৰিছিল ১,৮৫,০০০ হাজাৰ লোকে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|