মুখ্যপৃষ্ঠা »খবৰ »অসম »Happy Birthday Zubeen: মৰমৰ শিল্পী জুবিনৰ এইকেইটা কথা আপুনি জানেনে?

Happy Birthday Zubeen: মৰমৰ শিল্পী জুবিনৰ এইকেইটা কথা আপুনি জানেনে?

আজি ৪৯ বছৰত ভৰি দিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে

আজি ৪৯ বছৰত ভৰি দিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে

আজি ৪৯ বছৰত ভৰি দিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে

  • Share this:
আজি ৪৯ বছৰত ভৰি দিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন অনুৰাগীয়ে উলহ মালহেৰে উদযাপন কৰিলে জুবিন গাৰ্গৰ জন্মদিন।

পিছে জুবিন গাৰ্গৰ এইকেইটা কথা আপুনি জানেনে?

  • জুবিন গাৰ্গৰ জন্ম অসমত নহয়। ১৯৭২ চনৰ ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাত। জুবিন গাৰ্গৰ প্ৰকৃত উপাধি বৰঠাকুৰ যদিও তেওঁৰ নিজৰ নামৰ পিছত গোত্ৰৰ নাম লিখে।

  • জুবিন গাৰ্গ নামটো নামাকৰণ কৰা হৈছিল দেশৰ প্ৰখ্যাত সংগীত শিল্পী জুবিন মেহতাৰ নামেৰে। 

  • কণ্ঠশিল্পী হোৱাতকৈ বাদ্য সংগত কৰাৰহে সপোন দেখিছিল জুবিন গাৰ্গে।

  • ১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথম এলবাম অনামিকাই মুক্তিলাভ কৰিছিল। আৰু নিশাটোৰ ভিতৰতে তাৰকাৰ শাৰীলৈ উন্নীত হৈছিল জুবিন গাৰ্গ।

  • অসমীয়া গীত শুনিবলৈ এটা সময়ত মানুহে প্ৰায় এৰি দিছিল। আৰু তেতিয়াই জিতুল সোণোৱালে সৃষ্টি কৰিছিল অসমীয়া সংগীতৰ এক নতুন ধাৰা। আৰু এই ধাৰাক অধিক মনোগ্ৰাহী কৰি তুলিলে জুবিন গাৰ্গে।

  • ২০০৭ চনত জুবিন গাৰ্গে লাভ কৰিছিল ৰজত কমল বঁটা। খাচি চুটি ছবি ‘Echoes of silence’ত কৰা সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল এই সন্মানীয় বঁটা।

  • তুমি মোৰ মাথো মোৰ জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা।

  • ৫৬সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি ‘মন যায়’ত জুবিন গাৰ্গে কৰা অনবদ্য অভিনয় আজিও অসমীয়া দৰ্শকৰ মনত সজীৱ হৈ আছে। জুবিন গাৰ্গে এতিয়ালৈ ৩৭খন ছবিত সংগীত পৰিচালনা কৰাৰ লগতে ২২খন ছবিত কৰিছে অভিনয়।

  • কেৱল অসমীয়া ছবিয়েই নহয়, বেংগলী ছবি উদ্যোগতো জুবিন গাৰ্গ এটা অতি চিনাকী নাম। 

  • ইফালে বলীউদতো সফল জুবিন গাৰ্গ। গেংষ্টাৰ ছবিৰ য়া-লী, ক্ৰীছ ছবিৰ ‘দিল টু হি বতা’- আজিও সকলোৰে মুখে মুখে।

শেহতীয়া বাতৰি