FACT CHECK: বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল আইমী বৰুৱাৰ মন্তব্য, নিৰ্বাচনী সভাত CAA নমনা লোকক অসমৰ পৰা খেদি পঠিওৱাৰ কথা কোৱা নাছিল অভিনেত্ৰীগৰাকীয়ে

News18 Assam | News18-Assam
Updated:April 3, 2021, 9:39 AM IST
FACT CHECK: বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল আইমী বৰুৱাৰ মন্তব্য, নিৰ্বাচনী সভাত CAA নমনা লোকক অসমৰ পৰা খেদি পঠিওৱাৰ কথা কোৱা নাছিল অভিনেত্ৰীগৰাকীয়ে
কি কৈছিল আইমীয়ে?

কি কৈছিল আইমীয়ে?

  • Share this:
শেহতীয়াকৈ অভিনেত্ৰী আইমী বৰুৱা ছচিয়েল মিডিয়াত ব্যাপক ভাবে চৰ্চিত হৈ আছে। যোৱা ২৫ মাৰ্চত আইমীয়ে ৰাজহুৱা সভাত কৰা এক মন্তব্যকলৈ ব্যাপক চৰ্চা চলিছিল সৰ্বত্ৰ। স্বামী তথা জাগীৰোডৰ বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ অভিনেত্ৰী আইমীয়ে 'CAAৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰিছিল। এটা ভিডিও প্ৰচাৰ কৰি একাংশই দাবী কৰিছিল যে,  আইমী বৰুৱাই  ভাষণত ‘কা  নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব বুলি কৈছে । ইয়াৰ পিছতে ব্যাপক ভাবে ট্ৰ'ল হয় অভিনেত্ৰীগৰাকীয়ে।

কিন্তু সঁচাকৈ আইমীয়ে কৰিছিল নে এনে মন্তব্য?

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ভাইৰেল হোৱা ভিডিওৰ সত্যতা নিৰূপণ কৰি উল্লেখ কৰিছে যে,  আইমী বৰুৱায়ে প্ৰকৃততে ‘কা’ মানি নোলোৱা লোকক ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব বুলি কোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ কৈছিল যে, 'অসম তথা ভাৰতত বসবাস কৰি থকা বঙালী সম্প্ৰদায়ৰ লোকসকলক ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নামানিলে অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব।'

factcrescendoৰ বিশ্লষণাত্মক পোষ্টঃ

FACT CHECK: আইমী বৰুৱায়ে ‘কা’ নমনা লোকক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল!




একাংশই আইমী বৰুৱাৰ এই মন্তব্যক বিকৃত ৰূপত উপস্থাপন কৰি ছচিয়েল মিডিয়াত ভাইৰেল কৰে। পিছত আইমী বৰুৱাৰ এই মন্তব্যক লৈয়ে ফোনযেগে দুজন সাংবাদিকক ধমক দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
Published by: Himangshu Bhuyan
First published: April 3, 2021, 9:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি