মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'পাকিস্তান জিন্দাবাদ'ক লৈ মিছা প্ৰচাৰ! ফেচবুকে 'ভুৱা তথ্য'ৰ অধীনত ফ্লেগ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট

'পাকিস্তান জিন্দাবাদ'ক লৈ মিছা প্ৰচাৰ! ফেচবুকে 'ভুৱা তথ্য'ৰ অধীনত ফ্লেগ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট

News18 Assam | News18-Assam
Updated:November 7, 2020, 1:01 PM IST
'পাকিস্তান জিন্দাবাদ'ক লৈ মিছা প্ৰচাৰ! ফেচবুকে 'ভুৱা তথ্য'ৰ অধীনত ফ্লেগ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট
ভুৱা তথ্য প্ৰচাৰ কৰি ফেচবুকৰ ৰোষত পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ভুৱা তথ্য প্ৰচাৰ কৰি ফেচবুকৰ ৰোষত পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

  • Share this:
ভুৱা তথ্য প্ৰচাৰ কৰি ফেচবুকৰ ৰোষত পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে সাংসদ বদৰুদ্দিন আজমল শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল বুলি অভিযোগ উঠিছিল। আনকি ভাইৰেল হৈছিল এটা ভিডিঅ’। কিন্তু সঁচা মিছা প্ৰমাণ নকৰাকৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত ভিডিঅ’টো পোষ্ট কৰি পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াসকলক মৌলবাদী ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়াৰ লগতে ঘটনাত কংগ্ৰেছ দলকো সাঙুৰিছিল।

হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত পোষ্ট দিয়াৰ পিছতে আগশাৰীৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় সংবাদমাধ্যমেও বাতৰিটো প্ৰচাৰ কৰিছিল। বহুকেইজন ৰাজনৈতিক নেতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। পিছত ৰাষ্ট্ৰীয় মাধ্যম 'alt news' কে ধৰি বহুকেইটা স্বাধীন সংস্থাই দাবী কৰা ভিডিঅ’ৰ fact check কৰিছিল।

তেওঁলোকে দাবী কৰিছিল যে,  কিন্তু ভালকৈ শুনিলে অডিঅ’টোত দৰাচলতে 'আজিজ খান জিন্দাবাদ' হে আজমল সমৰ্থক সকলে কোৱা শুনা যায়। কোৱা নাছিল 'পাকিস্তান জিন্দাবাদ'। ভিডিঅ’টো হেডফোন ব্যৱহাৰ কৰি শুনিবলৈ আহ্বান জনাইছে সংস্থাটোৱে।আৰু ইয়াৰ পিছতে ফেচবুকে 'ভুৱা তথ্য'ৰ অধীনত ফ্লেগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ সন্দৰ্ভত শ্বেয়াৰ কৰা পোষ্ট।
Published by: Himangshu Bhuyan
First published: November 7, 2020, 1:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি