TikTok নহ’ব, Facebook নচলিব, অসমৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীলৈ কঠোৰ নিৰ্দেশনা

এতিয়াৰ পৰা যদিহে মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলে এই নিয়ম উলংঘা কৰি ছচিয়েল মিডিয়াত কলেজীয়া পোছাকত ফটো বা ভিডিঅ’ আপলোড কৰা দৃষ্টি গোচৰ হয় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই

News18-Assam
Updated:October 16, 2019, 12:14 PM IST
TikTok নহ’ব, Facebook নচলিব, অসমৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীলৈ কঠোৰ নিৰ্দেশনা
এতিয়াৰ পৰা যদিহে মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলে এই নিয়ম উলংঘা কৰি ছচিয়েল মিডিয়াত কলেজীয়া পোছাকত ফটো বা ভিডিঅ’ আপলোড কৰা দৃষ্টি গোচৰ হয় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই
News18-Assam
Updated: October 16, 2019, 12:14 PM IST
অসমৰ এখন মহাবিদ্যালয়ত নিষিদ্ধ হ’ল TikTok আৰু ফেচবুক। এতিয়াৰ পৰা মহাবিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীয়ে কলেজীয়া পোছাক পৰিধান কৰা ফটো ফেচবুকত আপলোড কৰিব নোৱাৰিব আৰু কলেজীয়া পোছাকত বনাব নোৱাৰিব টিকটক ভিডিঅ’।

১৯৭০ চনতে স্থাপিত হোৱা নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত ফেচবুক, WhatsApp আৰু টিকটকৰ জৰিয়তে বহু অসামাজিক কাম-কাজত লিপ্ত হৈছে একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰী। যাৰ পৰিণতিত উচ্ছৃংখলতাৰ সৃষ্টি কৰা ছাত্ৰ–ছাত্ৰীসকলৰ বাবে মান–গৰিমা হেৰুৱাবলগীয়া হৈছে উক্ত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে।

সেইবাবেই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ কলেজ কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাই জাৰি কৰিলে জাননী। এতিয়াৰ পৰা যদিহে মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলে এই নিয়ম উলংঘা কৰি ছচিয়েল মিডিয়াত কলেজীয়া পোছাকত ফটো বা ভিডিঅ’ আপলোড কৰা দৃষ্টি গোচৰ হয় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। আনহাতে, ছাত্ৰ একতা সভাৰ এই সিদ্ধান্তক আদৰি লৈছে কলেজৰ ছাত্ৰ–ছাত্ৰীসকলে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি