দক্ষিণ কামৰূপৰ কামৰূপ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন প্ৰদানৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি তথা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষ বিৰুদ্ধে ৷
ঘটনাৰ বিৱৰণী মতে, সোণতলীৰ মাহতলী বজাৰৰ বিবেক চন্দ্ৰ শীল নামৰ লোক এজনে ক’ভিড ভেকচিনৰ বাবে কেইবাদিন ধৰি সোণতলী স্বাস্থ্য কেন্দ্ৰত শাৰী পাতি থাকিও ভেকচিন লোৱাৰ পৰা বঞ্চিত হৈছে ৷ কিন্তু আশ্চৰ্যজনকভাৱে কিছুদিন পূৰ্বে তেওঁৰ ম’বাইলত হঠাতেই ভেকচিন লোৱাৰ বাৰ্তা লাভ কৰে ৷
পেছাত নাপিত বিবেক চন্দ্ৰ শীল নামৰ ব্যক্তিজনে ম’বাইলৰ বাৰ্তাটো কম্পিউটাৰৰ পৰা উলিয়াই চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিও সুফল পোৱা নাই ৷
উল্লেখ্য, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসকে চিকিৎসালয়খন নিজৰ পৈতৃক সম্পত্তি ৰূপে ব্যৱহাৰ কৰাৰ অভিযোগ আছে।আনকি যোৱা ২৯ জুলাইত চিকিৎসালয়ত ক’ভিড ভেকচিন প্ৰদানক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সোণতলীৰ দুগৰাকী সাংবাদিকক চিকিৎসা বিষয়াগৰাকীয়ে অপদস্থ কৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|