• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰেমে নামানে কোনো বাধা! মহাৰাষ্ট্ৰৰ পৰা কৰিমগঞ্জলৈ পলাই আহিল প্ৰেমিক–প্ৰেমিকা, লগত প্ৰেমিকাৰ কণমানি সন্তান

প্ৰেমে নামানে কোনো বাধা! মহাৰাষ্ট্ৰৰ পৰা কৰিমগঞ্জলৈ পলাই আহিল প্ৰেমিক–প্ৰেমিকা, লগত প্ৰেমিকাৰ কণমানি সন্তান

মহিলাগৰাকী পেছাত মহাৰাষ্ট্ৰ চৰকাৰৰ শক্তি বিভাগৰ অভিযন্তা আৰু ভইবব এটা ট্ৰেভেল এজেন্সীৰ মালিক।

মহিলাগৰাকী পেছাত মহাৰাষ্ট্ৰ চৰকাৰৰ শক্তি বিভাগৰ অভিযন্তা আৰু ভইবব এটা ট্ৰেভেল এজেন্সীৰ মালিক।

মহিলাগৰাকী পেছাত মহাৰাষ্ট্ৰ চৰকাৰৰ শক্তি বিভাগৰ অভিযন্তা আৰু ভইবব এটা ট্ৰেভেল এজেন্সীৰ মালিক।

  • Share this:
কথাত আছে, প্ৰেমে নামানে কোন বাধা। সেই কথাষাৰৰ দৰেই এক ঘটনা পোহৰলৈ আহিছে কৰিমগঞ্জত। কোৰোণাৰ ভয়াৱহতাকো উপেক্ষা কৰি মহাৰাষ্ট্ৰৰ পুনেৰ পৰা কণমানি পুত্ৰসহ এগৰাকীমহিলাক পলাই  লৈ অহা ভইবব লক্ষণ পাতিল নামৰ এগৰাকী যুৱকক আটক কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই ৮নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ  নিলামবজাৰ অঞ্চলৰ পৰা এখন বিলাসী গাড়ীসহ আটক কৰে অভিযুক্ত ভইবব লক্ষণ পাতিল আৰু কণমানি পুত্ৰসহ এগৰাকী মহিলাক। লগতে আটক কৰে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ আন এক যুৱকক।

মহিলাগৰাকী পেছাত মহাৰাষ্ট্ৰ চৰকাৰৰ শক্তি বিভাগৰ অভিযন্তা আৰু ভইবব এটা ট্ৰেভেল এজেন্সীৰ মালিক। বহুদিন ধৰি মহিলা আৰু ভইববৰ মাজত গড়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। আৰু দুয়ো দুয়োকে নিজৰ কৰি লোৱাৰ হেঁপাহত সকলো বাধাক নেওচি পলাই আহিল কৰিমগঞ্জলৈ।

কিন্তু কৰিমগঞ্জলৈ পলাই আহিও আৰক্ষীৰ জালৰ পৰা ওলাব নোৱাৰিলে প্ৰেমিক–প্ৰেমিকা। মহিলাগৰাকীৰ স্বামী অমৰ মাণ্ডলীয়ে মুম্বাইৰ এখন আৰক্ষী থানাত গোচৰ ৰুজু কৰে। সেই গোচৰৰ ভিত্তিত মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ তথ্য আৰু অনুৰোধত আটক কৰা হয় তেওঁলোকক। কৰিমগঞ্জৰ শিবু ভৰ নামৰ এজনৰ সহায়ত মহাৰাষ্ট্ৰৰ পৰা গাড়ী লৈ তেওঁলোকে পাইছিল কৰিমগঞ্জ। ইতিমধ্যে শিবুকো আটক কৰিছে আৰক্ষীয়ে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ লোক কৰিমগঞ্জত উপস্থিত হৈ তেওঁলোকক মুম্বাইলৈ লৈ যোৱাৰ সম্ভাৱনা আছে।
First published: