• Home
  • »
  • News
  • »
  • assam
  • »
  • কৃষকলৈ সুখবৰ! কামৰূপৰ পৰা বহিঃৰাজ্যলৈ ৰপ্তানি ২.৫ মেট্ৰিকটন মাটিকঁঠাল

কৃষকলৈ সুখবৰ! কামৰূপৰ পৰা বহিঃৰাজ্যলৈ ৰপ্তানি ২.৫ মেট্ৰিকটন মাটিকঁঠাল

১১ আগষ্টত পুনৰ ৫০০০টা মাটিকঁঠাল ৰপ্তানি কৰিব।

১১ আগষ্টত পুনৰ ৫০০০টা মাটিকঁঠাল ৰপ্তানি কৰিব।

১১ আগষ্টত পুনৰ ৫০০০টা মাটিকঁঠাল ৰপ্তানি কৰিব।

  • Share this:

কামৰূপ জিলাৰ কৃষকসকলৰ মনত আশাৰ সঞ্চাৰ কৰি বুধবাৰে ২.৫ মেট্ৰিকটন মাটিকঁঠাল বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয় ৷ তেলেংগনা ৰাজ্যৰ ছেকেণ্ডৰাবাদলৈ কঢ়িয়াই নিব লগা ট্ৰাকৰ যাত্ৰা বুধবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৷ ট্ৰাকখনত মুঠ ৯০০টা মাটিকঁঠাল পঠিওৱা হয় ৷


ছেকেণ্ডৰাবাদলৈ পঠিওৱা মাটিকঁঠালখিনি Raiseom Agritech Pvt Ltd আৰু Sam Agritech Pvt Ltdএ ক্ৰয় কৰিছে ৷ ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰি উপায়ুক্তই প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰিবলৈ সক্ষম হোৱা বকো মাটিকঁঠাল উৎপাদক কোম্পানী লিমিটেডৰ কৰ্মকৰ্তাসকলৰ লগতে কৃষকসকলক অভিনন্দন জ্ঞাপন কৰে ৷


কৃষিখণ্ডৰ উত্তৰণেৰে আত্মনিৰ্ভৰ হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিত অৰিহণা যোগোৱাৰ লক্ষ্যৰে কৃষিখণ্ডক স্বনিয়োজনৰ মাধ্যম ৰূপে গঢ়ি তোলাৰ অৰ্থে যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈও জিলা উপায়ুক্তই আহ্বান জনায় ৷


ৰপ্তানি কৰা মাটিকঁঠালসমূহ কামৰূপৰ বকো মাটিকঁঠাল উৎপাদক কোম্পানী লিমিটেডৰ অধীনত বকো, বনগাঁও আৰু বৰগাঁৱৰ কৃষি চক্ৰৰ বিভিন্ন গাঁৱৰ প্ৰায় এহেজাৰ কৃষকে উৎপাদন কৰিছে ৷ উল্লেখযোগ্য যে অসমৰ কৃষি বিভাগৰ সৌজন্যত আৰু অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ উদ্যোগত উল্লেখিত কোম্পানীটো ২০১৬ চনতে সংগঠিত কৰা হৈছিল ৷ কোম্পানীটোৱে ইতিমধ্যে ৯৬০হেক্টৰ ভূমি সামৰি লৈছে ৷ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ Mission Organic Value Chain Development in Assam আঁচনিৰ অধীনত বিভিন্ন সহায় সমৰ্থন লাভ কৰা এই কোম্পানীটোৰ বজাৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত এপাৰ্ট আৰু জিলা প্ৰশাসনে সক্ৰিয়ভাৱে সহায় আগবঢ়াই আছে ৷


উল্লেখযোগ্য যে অহা ১১ আগষ্টত পুনৰ কোম্পানীটোৱে উৎপাদন কৰা ৫০০০টা মাটিকঁঠাল ৰপ্তানি কৰা হ’ব ৷

Published by:Gautam Barman
First published: