জু–ৰোডত গ্ৰেনেড দলিওৱা যুৱকজন ১৩ মে’ৰ পৰা আছিল জাহ্নৱীৰ ঘৰত

জু–ৰোডৰ বিস্ফোৰণৰ পিছতেই প্ৰাণময় ৰাজগুৰুৰ ফোনলৈ আহিছিল এটা ফোনকল৷ আলফা স্বাধীনৰ এজন নেতাই কৰিছিল সেই ফোনটো৷ কামটো হৈ গ’ল নে বুলি ফোনত সুধিছিল ৰাজগুৰুক। তেতিয়া ৰাজগুৰুৰ ফোনৰ পৰা উত্তৰ দিছিল জাহ্নৱীয়ে।

news18assam
Updated:May 17, 2019, 4:17 PM IST
জু–ৰোডত গ্ৰেনেড দলিওৱা যুৱকজন ১৩ মে’ৰ পৰা আছিল জাহ্নৱীৰ ঘৰত
আজি আদালতত হাজিৰ কৰোৱা হ'ব জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক।
news18assam
Updated: May 17, 2019, 4:17 PM IST
জু–ৰোডৰ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত ওলাইছে বহু বিস্ফোৰক তথ্য। ১ মে’ৰ পৰা পাঞ্জাবাৰীৰ সেই ঘৰটোত আছিল জাহ্নৱী শইকীয়া। মহানগৰীত বিস্ফোৰণ সংঘটিত কৰাৰ সুযোগৰ সন্ধানত আছিল জাহ্নৱী। গ্ৰেনেড নিৰ্মাণত ব্যৱহৃত আহিলাসমূহ বাহিৰৰ পৰা আনিছিল নে গুৱাহাটীতে প্ৰস্তুত কৰিছিল সেয়া পৰীক্ষা অব্যাহত ৰাখিছে ফৰেনছিকে।

বিস্ফোৰণৰ দিনা ঘটনাস্থলীলৈ নিজেই আহিছিল জাহ্নৱী। জাহ্নৱীৰ লগত আছিল এজন যুৱক। বিস্ফোৰণত ব্যৱহাৰ হৈছিল জাহ্নৱীৰ স্কুটীখন। গ্ৰেনেড নিক্ষেপ কৰা যুৱকজন ১৩ মে’ৰ পৰা আছিল জাহ্নৱীৰ ঘৰত। ঘটনা সন্দৰ্ভত সাতগাঁও থানাতো ৰুজু হৈছে এটা গোচৰ। সেই গোচৰত সম্প্ৰতি গ্ৰেপ্তাৰ হৈছে যদিও বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত গীতানগৰ থানাত ৰুজু হোৱা গোচৰতো গ্ৰেপ্তাৰ হ’ব জাহ্নৱী আৰু প্ৰাণময়।

তদন্তত বহুবোৰ নাম লাভ কৰিছে আৰক্ষীয়ে। এই চক্ৰটোৱে কূটাঘাতৰ এটা বৃহৎ পৰিকল্পনা ৰচনা কৰিছিল। ফেচবুকৰ লগতে বিভিন্ন পন্থাৰে যুৱ প্ৰজন্মক আলফাৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা চলাই আহিছিল। যিটো পৰিকল্পনাৰ নাম দিয়া হৈছিল ‘মিছন ছেভেন ছিষ্টাৰ ইউনাইটেড ফ’ৰাম’। উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে টাৰ্গেট কৰিছিল আলফাই।

জু–ৰোডৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই প্ৰাণময় ৰাজগুৰুৰ ফোনলৈ আহিছিল এটা ফোনকল৷ আলফা স্বাধীনৰ এজন নেতাই কৰিছিল সেই ফোনটো৷ কামটো হৈ গ’ল নে বুলি ফোনত সুধিছিল ৰাজগুৰুক। তেতিয়া ৰাজগুৰুৰ ফোনৰ পৰা উত্তৰ দিছিল জাহ্নৱীয়ে। সেই ফোন ৰেকৰ্ডিং লাভ কৰিছে আৰক্ষীয়ে।

আনহাতে, আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, ১৯৮৬ চনত আলফাত যোগদান কৰিছিল প্ৰাণময় ৰাজগুৰুৱে। ১৯৯০ চনত জে’ললৈ গৈছিল ৰাজগুৰু। বজৰংগ অপাৰেচনত গ্ৰেপ্তাৰ হৈছিল তেওঁ।
আৰু চাওক পৰৱৰ্তী বাতৰি