মুখ্যপৃষ্ঠা »খবৰ »অসম »Allegations Against AASU Leader : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতীক হাজেলাৰ পৰা টকা লৈছিল নেকি? NRCৰ প্ৰাক্তন সমন্বয়কৰ বিস্ফোৰক অভিযোগ

Allegations Against AASU Leader : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতীক হাজেলাৰ পৰা টকা লৈছিল নেকি? NRCৰ প্ৰাক্তন সমন্বয়কৰ বিস্ফোৰক অভিযোগ

NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ফেচবুক পোষ্টক লৈ ৰাজ্যত খলকনি 

NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ফেচবুক পোষ্টক লৈ ৰাজ্যত খলকনি 

NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ফেচবুক পোষ্টক লৈ ৰাজ্যত খলকনি 

  • Share this:

সময়ে সময়ে NRCৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই বিভিন্ন মাধ্যমত National Registrar of Citizens সম্পৰ্কীয় খেলিমেলিৰ কথা সজোৰে উত্থাপন কৰি আহিছে ৷ কেগৰ প্ৰতিবেদনত NRCত প্ৰায় ২৬০ কোটি টকাৰ হৰিলুটৰ কথা প্ৰকাশ হোৱাৰ সময়তো সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে সৰৱ হৈছিল প্ৰাক্তন সমন্বয়ক গৰাকী ( (Accuses on AASU leader of taking bribe) ৷


এইবাৰ সামাজিক মাধ্যমত এদিন পূৰ্বে এইদৰে লিখিছে শৰ্মাই (Hitesh Dev Sarma), "আঢ়ৈ বছৰতকৈ বেছি সময় মই এন আৰ চিৰ সমন্বয়ক হৈ আছিলোঁ। বেছ দীঘলীয়া সময়। আছুৰ নেতৃত্ব‌ই মোক এবাৰো লগ নকৰিলে। অথচ ময়েই এন আৰ চিৰ সকলো কেলেংকাৰি ফাদিল কৰিছিলোঁ। প্ৰতীক হাজেলা সমন্বয়ক হৈ থাকোঁতে প্ৰায়েই সন্ধিয়া সমুজ্জ্বল ভট্টাচাৰ্যই এন আৰ চি কাৰ্যালয়লৈ গৈছিল। কিহৰ বাবে? বজাৰৰ খবৰ, সমুজ্জ্বল ভট্টাচাৰ্য (Samujjal Bhattacharya)ই প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰিৰ ভাগ হিচাপে মাহে ১৬ লাখ টকা লৈছিল। সত‍্যাসত‍্য নাজানো। কেলেংকাৰিৰ তদন্ত হ'লে হয়তো গম পোৱা যাব। কিন্তু এটা কথা সত‍্য যে হাজেলাই এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল, সমুজ্জ্বল ভট্টাচাৰ্যয়ো পৰিপূৰক তালিকা প্ৰকাশৰ আগলৈকে এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল। একে নাৱৰ যাত্ৰী?"


এই আপডেটটোত প্ৰাক্তন সমন্বয়কগৰাকীয়ে "বজাৰৰ খবৰ, সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰিৰ ভাগ হিচাপে মাহে ১৬ লাখ টকা লৈছিল"  বুলি কৈয়ে ক্ষান্ত থকা নাই, এদিন পিছত অৰ্থাৎ  বৃহস্পতিবাৰে আকৌ লিখিছে এইদৰে, "আছুৰ নেতৃত্ব‌ই প্ৰতীক হাজেলাক মনে প্ৰাণে ভাল পায়। মই এন আৰ চিৰ Executive Directorৰ পদৰ পৰা ওলাই আহিছিলোঁ, এন আৰ চিত হোৱা খেলিমেলিৰ প্ৰতিবাদত। ২০১৭ চনৰ মাজভাগৰ কথা। এদিন আছুৰ উপদেষ্টা বসন্ত ডেকাক ফোন কৰি ক'লোঁ এন আৰ চিত হোৱা খেলিমেলিৰ প্ৰতিবাদ কৰিবলৈ। আচৰিতভাৱে উত্তৰ আহিল,"আপুনি এতিয়া এন আৰ চিত নাই, গতিকে এন আৰ চিৰ ওপৰত একো নক'ব। বিশেষকৈ প্ৰতীক হাজেলা (Prateek Hajela)ৰ বিৰুদ্ধে একো কথা নক'ব। তেওঁ এজন ভাল বিষয়া। এই ভালোবাসাবোৰৰ কাৰণ ৰাইজে বুজিব।"


সম্প্ৰতি আছু নেতৃত্বৰ বিৰুদ্ধে এই দুটা বিস্ফোৰক ফেচবুক পোষ্টৰ পিছতে ৰাজ্যজুৰি ব্যাপক খলকনিৰ সৃষ্টি হৈছে ৷ পুনৰীক্ষণ নিবিচৰা বাবেই সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত সন্দেহ ওপজা বুলিও কৈছে প্ৰাক্তন NRC সমন্বয়ক হিতেশ দেৱ শৰ্মাই।

শেহতীয়া বাতৰি