দীঘলীয়া সময় থাকিব বাঘজানৰ তৈলখাদৰ জুই, জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ শইকীয়াই কি ক’লে?

News18 Assam | News18-Assam
Updated:June 11, 2020, 2:35 PM IST
দীঘলীয়া সময় থাকিব বাঘজানৰ তৈলখাদৰ জুই, জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ শইকীয়াই কি ক’লে?
তেল বিয়পি পৰিলে এই তেলে ইয়াৰ পৰিবেশ বিনষ্ট কৰি পেলাব জ্বলিলে খাদটোতে নিৰ্গত তেল জ্বলি যাব আৰু প্ৰাকৃতিক পৰিবেশত বেছি ক্ষতি নকৰিব।

তেল বিয়পি পৰিলে এই তেলে ইয়াৰ পৰিবেশ বিনষ্ট কৰি পেলাব জ্বলিলে খাদটোতে নিৰ্গত তেল জ্বলি যাব আৰু প্ৰাকৃতিক পৰিবেশত বেছি ক্ষতি নকৰিব।

  • Share this:
বাঘজানৰ ঘটনাৰ সম্পৰ্কত জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য।দীঘলীয়া হব বাঘজানৰ তৈলখাদৰ জুই। প্ৰথমদিনৰ জুইৰ প্ৰাৱল্যৰ পৰা লাহে লাহে কমি আহিব। কিন্তু অইলে যদি ব্যৱস্থা নলয় এই জুই দীৰ্ঘ দিন ধৰি জ্বলিব, হয়তো বছৰলৈকে। এই জুই কিমানদিন জ্বলিব সেয়া নিৰ্ভৰ কৰিব সেই ঠাইত কিমান গেছ আছে তথা প্ৰতিদিনে কিমান কিউবিককৈ বাহিৰ হৈছে তেল-গেছ, তাৰ ওপৰত।



তৈলখাদৰ এক কিলোমিটাৰ বা আধা কিলোমিটাৰ তললৈ গৈ ইয়াক মেৰামতি কৰিব লাগিব ইয়াৰ কাৰিকৰী দিশটো চাই সেই ধৰণে ব্যৱস্থা লব লাগিব আৰু এই কামটো এমাহ ডেৰমাহ লাগিবই। ইফালে এজন বিজ্ঞানী হিচাপে তেওঁ জুই লাগি থকাটো বিচাৰে জুই লাগি থাকিলে তেল বিয়পি নপৰিব কেৱল ধোঁৱাই অলপ বায়ুমণ্ডলত ক্ষতি কৰিব। তেল বিয়পি পৰিলে এই তেলে ইয়াৰ পৰিবেশ বিনষ্ট কৰি পেলাব জ্বলিলে খাদটোতে নিৰ্গত তেল জ্বলি যাব আৰু প্ৰাকৃতিক পৰিবেশত বেছি ক্ষতি নকৰিব।
First published: June 11, 2020, 11:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading