Exit Poll Results 2019 : NEWS18-IPSOSৰ সমীক্ষাত অসমত কাৰ কিমান আসন?

News18-Assam
Updated:May 20, 2019, 7:47 PM IST
Exit Poll Results 2019 : NEWS18-IPSOSৰ সমীক্ষাত অসমত কাৰ কিমান আসন?
২০১৪ চনত অসমত বিজেপিয়ে ৭খন, কংগ্ৰেছে তিনিখন, AIUDF–এ তিনিখন আৰু এখন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল।

২০১৪ চনত অসমত বিজেপিয়ে ৭খন, কংগ্ৰেছে তিনিখন, AIUDF–এ তিনিখন আৰু এখন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল।

  • Share this:
NEWS18-IPSOS–ই অসমৰ ১৪খন আসনৰ বাবে প্ৰস্তুত কৰিছে প্ৰাক নিৰ্বাচনী সমীক্ষা। অসমত বিজেপি–অগপ–বিপিএফৰ মিত্ৰজোঁটে ৮ৰ পৰা ১০খন আসন লাভ কৰিব বুলি প্ৰকাশ পাইছে সমীক্ষাত।

১৪খন আসনৰ ভিতৰত অসমত বিজেপিয়ে অকলে ৪–৬খন আসন লাভ কৰিব বুলি প্ৰকাশ সমীক্ষাত। অগপই ১–৩খন আসন লাভ কৰিব বুলি সমীক্ষাত প্ৰকাশ। বিপিএফে ০–১খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২–৪খন আসন দখল কৰিব বুলি প্ৰকাশ পাইছে NEWS18-IPSOSৰ এই সমীক্ষাত।

আনহাতে, বদৰুদ্দিন আজমলৰ AIUDF–এ ২ৰ পৰা ৩খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে সমীক্ষাটোত।

উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ ৫টা সমষ্টিৰ চাৰিটা সমষ্টিতে বিজেপি আৰু কংগ্ৰেছৰ পোনপটীয়া যুঁজ অনুষ্ঠিত হৈছিল অসমত। ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট আৰু তেজপুৰত শাসনাধিষ্ঠিত দলটোক প্ৰত্যাহ্বান জনাইছিল কংগ্ৰেছে। আনহাতে, কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত কলিয়াবৰ সমষ্টিত সাংসদ গৌৰৱ গগৈৰে সমুখ সমৰত বিজেপি সমৰ্থিত অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, তেজপুৰ বিজেপিৰ দখলত থকাৰ বিপৰীতে একমাত্ৰ কলিয়াবৰ সমষ্টিটোহে কংগ্ৰেছৰ দখলত আছে।

দ্বিতীয় পৰ্যায়ত মঙলদৈ, নগাঁও, শিলচৰ, কৰিমগঞ্জ আৰু ডিফুত নিৰ্বাচন অনুষ্ঠিত হৈছিল। মঙলদৈ, নগাঁও বিজেপিৰ দখলত থকাৰ বিপৰীতে শিলচৰ আৰু ডিফু কংগ্ৰেছৰ দখলত আছে। কৰিমগঞ্জ সমষ্টিটো আছে AIUDFৰ দখলত। তাৎপৰ্যপূৰ্ণ যে নগাঁৱত চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁইক টিকট নিদি বিধায়ক ৰূপক শৰ্মাক সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব দিছিল গেৰুৱা দলটোৱে। তেওঁৰ বিপৰীতে আছে কংগ্ৰেছৰ  প্ৰাক্তন শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ। শিলচৰত কংগ্ৰেছ সাংসদ সুস্মিতা দেৱৰ বিপৰীতে বিজেপিৰ ডাঃ ৰাজদীপ ৰয় নিৰ্বাচনত থিয় হৈছে। মঙলদৈত কংগ্ৰেছৰ ভুবনেশ্বৰ কলিতা বনাম বিজেপিৰ দিলীপ শইকীয়া। ডিফুত বীৰেনছিং ইংতিক প্ৰত্যাহ্বান হৰেনছিং বে’ৰ।

গুৱাহাটীৰ বাহিৰে তৃতীয় পৰ্যায়ৰ তিনিওখন আসনৰ নিৰ্বাচন আছিল মূলত তিনিকোণীয়া যুঁজৰ সমাহাৰ। তৃতীয় পৰ্যায়ৰ ধুবুৰী আৰু বৰপেটা AIUDFৰ দখলত থকাৰ বিপৰীতে কোকৰাঝাৰত নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়া সাংসদৰূপে আছে। বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেক, AIUDFৰ ৰফিকুল ইছলাম আৰু বিজেপিৰ সমৰ্থনত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা কুমাৰ দীপক দাসে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধুবুৰীত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিপৰীতে থিয় দিছে বিজেপি সমৰ্থিত অগপ প্ৰাৰ্থী জাভেদ ইছলাম আৰু কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী। কোকৰাঝাৰত মূলতঃ চাৰিকোণীয়া যুঁজ। সাংসদ নৱ শৰণীয়াক প্ৰত্যাহ্বান জনাইছে বিপিএফৰ প্ৰমীলাৰাণী ব্ৰহ্ম, কংগ্ৰেছৰ শব্দৰাম ৰাভা আৰু AIUDFৰ সমৰ্থিত UPPLৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই। এই পৰ্যায়ত একমাত্ৰ গুৱাহাটীতহে বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ সমুখ সমৰত আছে কংগ্ৰেছৰ ববিতা শৰ্মা। সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাও প্ৰতিদ্বন্দ্বী। আন এগৰাকী উল্লেখযোগ্য প্ৰাৰ্থী হৈছে নিৰ্দলীয় প্ৰাৰ্থী জোণমণি দেৱী খাউণ্ড।

উল্লেখযোগ্য যে সংসদীয় সমষ্টিসমূহৰ ভিতৰত দেশৰ ৭৯৬টা বিধানসভা সমষ্টিৰ ৪৭৭৬টা ভোটকেন্দ্ৰৰ অঞ্চল সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল। প্ৰতিটো ভোটকেন্দ্ৰত প্ৰায় ২৫গৰাকীকৈ ভোটাৰক নিৰ্বাচিত কৰা হৈছিল। ১৯৯টা সংসদীয় সমষ্টিৰ পৰা মুঠ

১,২১,৫৪২ গৰাকী ভোটাৰৰ সাক্ষাৎকাৰ লোৱা হৈছে।

প্ৰশ্নসমূহ প্ৰতিখন ৰাজ্যত প্ৰচলিত মাতৃভাষালৈ অনুবাদ কৰা হৈছিল। বয়স, লিংগ, জাতি, ধৰ্ম আৰু ভোটাৰৰ সমষ্টিৰ এক ৰূপৰেখা প্ৰকাশ কৰিবলৈ কোৱা হৈছিল। ২৩ মে’লৈ অব্যাহত থাকিব NEWS18ৰ এই EXIT POLL।
আৰু চাওক
পৰৱৰ্তী বাতৰি