உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • EXIT POLLক লৈ ফণীভূষণ চৌধুৰীয়ে ক’লে – ৰাজ্যবাসীৰ মতক প্ৰতিফলিত কৰিছে

    EXIT POLLক লৈ ফণীভূষণ চৌধুৰীয়ে ক’লে – ৰাজ্যবাসীৰ মতক প্ৰতিফলিত কৰিছে

    EXIT POLLত অগপক দহৰ পৰা চৈধ্যখন আসন প্ৰদান কৰিলেও আঞ্চলিকতাবাদী দলটোৱে অধিক আসন লাভ কৰিব বুলি চৌধুৰীয়ে দাবী কৰে৷

    • Share this:

    ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত EXIT POLL-এ ৰাজ্যবাসীৰ মতক প্ৰতিফলিত কৰা বুলি মন্তব্য কৰিছে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে৷ ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সমীক্ষাক আদৰণি জনাই পূৰ্বৰ চৰকাৰৰ তুলনা মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অধিক উন্নয়ন হোৱাৰ বাবে ৰাইজে পুনৰবাৰ ক্ষমতাত অধিষ্ঠিত কৰিব বুলি মন্ত্ৰী চৌধুৰীয়ে আশা ব্যক্ত কৰে৷

    ইফালে EXIT POLLত অগপক দহৰ পৰা চৈধ্যখন আসন প্ৰদান কৰিলেও আঞ্চলিকতাবাদী দলটোৱে অধিক আসন লাভ কৰিব বুলি চৌধুৰীয়ে দাবী কৰে৷ নামনি অসমত বিশেষকৈ সংখ্যালঘু অধ্যুষিত বহু সমষ্টিত অগপই দখল কৰিব বুলিও তেওঁ মন্তব্য কৰে৷

    একেদৰে বঙাইগাঁৱত এইবাৰ অভিলেখ সংখ্যক ভোটৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিব বুলি জানিব দিয়ে৷ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীজনে বহু টকা খৰচ কৰিলেও জয়লাভ কৰিবলৈ সক্ষম নহয় বুলি মন্ত্ৰীজনে কটাক্ষ কৰে৷
    Published by:Sanjay Kumar Das
    First published: