উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত বুধবাৰে আৰম্ভ হ'ল দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক ৷ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত ভৱেশ কলিতাৰ কাৰ্যকালৰ প্ৰথমখন কাৰ্যনিৰ্বাহকৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন পৰিক্ৰমাক লৈ বিজেপি অসম প্ৰদেশৰ প্ৰদৰ্শনী ৷
চাহ বিক্ৰী কৰা মোদীৰ পৰা এতিয়াৰ প্ৰধানমন্ত্ৰী মোদীলৈ সকলো সামৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত মূকলি হ'ল প্ৰদৰ্শনীৰ দ্বাৰ ৷ নৰেন্দ্ৰ মোদীৰ শৈশৱ, যৌৱন, ৰাজনৈতিক পৰিক্ৰমা, ত্যাগ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে লোৱা বহু সাহসী পদক্ষেপক স্থান দিয়া হৈছে প্ৰদৰ্শনীখনত ৷ মোদীৰ জীৱন পৰিক্ৰমাক লৈ কৰা প্ৰদৰ্শনীখনৰ নাম দিছে 'মোদী-ভাৰতী আইৰ এজন সুপুত্ৰৰ কাহিনী' ৷
প্ৰদৰ্শনীখনৰ প্ৰথমতেই স্থান দিয়া হৈছে বৰনগৰ ৰে'ল ষ্টেশ্যনত চাহ বিক্ৰী কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ৷ গুৰুত্ব লাভ কৰিছে প্ৰদৰ্শনীখনত তিন তালাক, ধাৰা ৩৭০ৰ বিলুপ্তি আদিয়েও ৷ "মোদী ডাঙৰীয়াৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা কৈ শেষ কৰিব নোৱাৰি ৷ তেওঁৰ অপৰিসীম ত্যাগ, কষ্টই চাহ বিক্ৰী কৰা শৈশৱৰ মোদীৰ পৰা আজিৰ প্ৰধানমন্ত্ৰী কৰিলে ৷ ইমাৰজেন্সীৰ সময়ত পলাই থকাৰ সময়তো দেশ মাতৃৰ প্ৰতি সমৰ্পণ আদিকো আমি প্ৰদৰ্শনীত স্থান দিছোঁ ৷ স্থান দিছোঁ তিন তালাকক লৈ প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ সিদ্ধান্ত, এক দেশ এক পতাকাৰ বাবে কৰা ৩৭০ ধাৰা বিলুপ্তিকৰণকো ৷ যোগাসনক বিশ্ববাসীয়ে হৃদয়ৰে গ্ৰহণ কৰা বিষয়টোলৈকে সকলো সামৰি লোৱা হৈছে প্ৰদৰ্শনীখনত ৷ প্ৰদৰ্শনীখনত সামৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা গুজৰাট মডেলৰ পৰা মেক ইন ইণ্ডিয়ালৈ", ক'লে, প্ৰদৰ্শনীখনৰ মূল দায়িত্বত থকা বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই ৷
উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত হোৱা বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহকখনিত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা অহা কাৰ্যনিৰ্বাহক সদস্য সকলক এই প্ৰদৰ্শনীয়ে প্ৰধানমন্ত্ৰী গৰাকীক ওচৰৰ পৰা জনাত সহায় কৰিব বুলি বিশ্বাসী বিজেপি নেতৃত্ব, লগতে উত্তৰ গুৱাহাটীৰ ৰাইজেও প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা জানিব পাৰিব বুলি বিশ্বাসী ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|