কেবৰ পৰা মণিপুৰক সকাহ, লোকসভাত ILP ৰ ঘোষণা অমিত শ্বাহৰ

News18 Assam | News18-Assam
Updated:December 9, 2019, 6:33 PM IST
কেবৰ পৰা মণিপুৰক সকাহ, লোকসভাত ILP ৰ ঘোষণা অমিত শ্বাহৰ
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সৰ্বাধিক ক্ষতি হ’ব অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সৰ্বাধিক ক্ষতি হ’ব অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা

  • Share this:
লোকসভাত সোমবাৰে গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। বিতৰ্কিত বিধেয়কখনৰ ফলত এতিয়া সৰ্বাধিক ক্ষতি হ’ব অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা। কাৰণ মণিপুৰে লাভ কৰিব ইনাৰ লাইন পাৰমিট।

উল্লেখযোগ্য যে, ইতিমধ্যে ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰমিট থকা ৰাজ্যত কেব প্ৰযোজ্য নহয় বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ফলত কেবৰ আওতালৈ নাহে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম। এতিয়া মণিপুৰতো ILP প্ৰযোজ্য হোৱাৰ ফলত মণিপুৰো নাহে কেবৰ আওতালৈ।

ইফালে কেবৰ বিৰোধিতাৰে ত্ৰিপুৰাতো চৰকাৰৰ অংশীদাৰ দল ‘Indigenous People's Front of Tripura’এ তীব্ৰ বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ। কিন্তু অসমৰ ‘জাতীয় নায়ক’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পৰ্যন্ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

ইয়াতকৈও উদ্বেগ জনক কথাতো হ’ল যে, অসমৰ আঞ্চলিক দল অসম গণ পৰিষদে কেৱল ক্ষমতাৰ স্বাৰ্থত অসম খন বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ সম্পূৰ্ণ ৰূপে এৰি দি কেৱল বিজেপিক তৈলমৰ্দনত এতিয়াও ব্যস্ত হৈ আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি