
বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ বৰুৱাৰ মৃতদেহ।
বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ বৰুৱাৰ মৃতদেহ।
নগাঁৱত চাঞ্চল্যকৰ ঘটনা। জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা দিলীপ বৰুৱাৰ ৰহস্যজনক মৃত্যু। জলসিঞ্চন বিভাগৰ বাংলোত উদ্ধাৰ বৰুৱাৰ মৃতদেহ। বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ বৰুৱাৰ মৃতদেহ। অহা ৩১ ডিচেম্বৰলৈকে চাকৰিৰ কাৰ্যকাল আছিল বৰুৱাৰ।
বৰুৱাই দীৰ্ঘদিন ধৰি মানসিক অশান্তিত ভুগি আছিল বুলি জানিব পৰা গৈছে। বৰুৱাৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল বাতৰি। তাৰ পিছতে মানসিকভাৱে ভাগি পৰিছিল বৰুৱা। মানসিক অশান্তিৰ বাবেই ৰুগীয়া হৈ পৰিছিল বৰুৱা। বৰুৱাৰ আত্মীয়ই এই অভিযোগ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|