সেনা বিষয়াক কেনেকৈ সজালে বিদেশী! News18ৰ হাতত এখন বিশেষ পত্ৰ

ছানাউল্লাহ ভাৰতীয় বুলি এটা সময়ত ভেৰিফাই কৰি দিয়া অসম আৰক্ষীয়ে এতিয়া বিদেশী হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিলে ছানাউল্লাহক।

Tulika Devi | news18
Updated:June 1, 2019, 5:23 PM IST
সেনা বিষয়াক কেনেকৈ সজালে বিদেশী! News18ৰ হাতত এখন বিশেষ পত্ৰ
ছানাউল্লাহ ভাৰতীয় বুলি এটা সময়ত ভেৰিফাই কৰি দিয়া অসম আৰক্ষীয়ে এতিয়া বিদেশী হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিলে ছানাউল্লাহক।
Tulika Devi | news18
Updated: June 1, 2019, 5:23 PM IST
কিমান দায়িত্বহীন অসম আৰক্ষী তাৰ স্বৰূপ উদঙালে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। নাৰেংগীৰ সেনা ছাউনীলৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দিল্লীস্থিত কাৰ্যালয়ে পঠিয়ালে ছানাউল্লাহৰ পুৰণি পুলিচ ভেৰিফিকেচন ৰিপ'ৰ্ট।সেনাত যোগদানৰ সময়ত বকো থানাই ছানাউল্লাহক প্ৰদান কৰিছিল এই পুলিচ ভেৰিফিকেচন ৰিপ'ৰ্ট।

১৯৮২ চনৰ ২৯ অক্টোবৰত বকো থানাৰ ASI ধৰ্মেশ্বৰ দাসে প্ৰদান কৰিছিল এই পুলিচ ভেৰিফিকেচন ৰিপ'ৰ্ট। য'ত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল জন্মসূত্ৰেই ছানাউল্লাহ এগৰাকী ভাৰতীয় নাগৰিক। কিন্তু হাস্যকৰ কথাটো হ'ল সেই অসম আৰক্ষীয়েই এতিয়া বিদেশী বুলি কাৰাবন্দী কৰিলে দেশৰ বাবে ৩০ বছৰ নিষ্ঠাৰে সেৱা আগবঢ়োৱা সেনা বিষয়াগৰাকীক। NEWS18ৰ হাতত সোণাউল্লাহৰ পুলিচ ভেৰিফিকেচনৰ এক্সক্লুছিভ ৰিপ'ৰ্ট।

ইফালে ছানাউল্লাহৰ বিদেশী প্ৰসংগৰ আন এক নতুন মোৰ সন্মুখলৈ আহিছে। ছানাউল্লাহ বিদেশী বুলি সাক্ষ্য দিয়াৰ কথা নাকচ দুজনৰ। NEWS18ত বিস্ফোৰক অভিযোগ ২ ব্যক্তিৰ। তেওঁলোকৰ দাবী,

আমি কোনো সাক্ষ্য দিয়া নাই তদন্তকাৰী বিষয়াক। আমাৰ সৈতে কৰা নাছিল কোনো ধৰণৰ যোগাযোগ। আমাৰ চহী জাল কৰি সাক্ষী সজাইছে আমাক।
তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে কাষ চাপিম আইনৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি