ভাল ফলাফলৰ বাবে কিহৰ প্ৰয়োজন, ক’লে মেট্ৰিকত শীৰ্ষ স্থানপ্ৰাপ্ত মেঘাশ্ৰীয়ে

কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। মেট্ৰিকত প্ৰথম স্থানপ্ৰাপ্ত মেঘাশ্ৰী বৰাই ক’লে NEWS18ৰ আগত

News18-Assam
Updated:May 15, 2019, 11:47 AM IST
ভাল ফলাফলৰ বাবে কিহৰ প্ৰয়োজন, ক’লে মেট্ৰিকত শীৰ্ষ স্থানপ্ৰাপ্ত মেঘাশ্ৰীয়ে
কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। মেট্ৰিকত প্ৰথম স্থানপ্ৰাপ্ত মেঘাশ্ৰী বৰাই ক’লে NEWS18ৰ আগত
News18-Assam
Updated: May 15, 2019, 11:47 AM IST
আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় লখিমপুৰৰ মেঘাশ্ৰী বৰাই। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ মেঘাশ্ৰীয়ে লাভ কৰিছে মুঠ ৫৯৪ নম্বৰ। ফলাফল ঘোষণাৰ পিছতে মেঘাশ্ৰীৰ ঘৰত উপস্থিত হৈছিল আমাৰ সাংবাদিক সঞ্জীৱ লাহন। আমাৰ সাংবাদিকৰ আগত মেঘাশ্ৰীয়ে কৈ গ’ল মনৰ অনুভৱ, সফলতাৰ আঁৰৰ বহু কথা।

ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰা মেঘাশ্ৰীয়ে মেট্ৰিকত এটা ভাল ফলাফল হ’ব বুলি আশা কৰিছিল যদিও শীৰ্ষস্থান দখল কৰিব বুলি ভৱা নাছিল। এই সফলতাৰ বাবে মেঘাশ্ৰীয়ে কৃতিত্ব দিলে মাতৃ, প্ৰয়াত পিতৃ, জ্যেষ্ঠ ভগ্নী আৰু বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীসকলক। নাৰায়ণপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰীয়ে কয় – ‘আমাৰ নিকেতনখনে বহুদিনৰ পৰা এটা ভাল ফলাফলৰ আশাত আছিল। আজি এই ফলাফলত মই যথেষ্ট সুখী।’

ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ আশা মনত পুহি ৰাখিছে মেঘাশ্ৰীয়ে। প্ৰথমে দৰং কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিব মেধাৱী ছাত্ৰীগৰাকীয়ে। মেট্ৰিক পৰীক্ষাৰ আগত দৈনিক কিমান ঘণ্টাকৈ পঢ়িছিলা বুলি আমাৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মেঘাশ্ৰীয়ে কয় – ‘মোৰ পঢ়াৰ কোনো সময়সীমা নাছিল, যেতিয়াই মন যায় তেতিয়াই পঢ়িছিলো। কোনো দৈনিক ৰুটিন নাছিল পঢ়াৰ ক্ষেত্ৰত।’ উচ্চ গণিত, গণিত আৰু বিজ্ঞান বিষয় আটাইতকৈ প্ৰিয় মেঘাশ্ৰীৰ। আজৰি সময়ত ছবি আঁকি ভাল পায় এইগৰাকী কীৰ্তিমানে। তদুপৰি অনুৰাধা শৰ্মা পূজাৰী আৰু মণিকুন্তলা ভট্টাচাৰ্যৰ কিতাপ পঢ়াৰ লগতে হোমেন বৰগোহাঞিৰ লেখাও প্ৰিয় মেঘাশ্ৰীৰ।

এটা ভাল ঘৰুৱা পৰিৱেশে ছাত্ৰ–ছাত্ৰীক আগুৱাই যোৱাত সহায় কৰে। ভাল ফলাফলৰ আঁৰত শিক্ষক–শিক্ষয়িত্ৰীসকলৰ অৱদান অতুলনীয়। NEWS18ৰ আগত ক’লে মেধাৱী মেঘাশ্ৰীয়ে। ছাত্ৰ–ছাত্ৰীসকলক উদ্দেশ্যি শেষত মেঘাশ্ৰীয়ে ক’লে – ‘কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই।’
আৰু চাওক পৰৱৰ্তী বাতৰি