সুৰাপায়ী সকল সাৱধান! আবকাৰী বিভাগৰ হাতলৈ বিশেষ যন্ত্ৰ, দূৰৰ পৰাই ৫ ছেকেণ্ডতে চিনাক্ত কৰিব পাৰিব সুৰাপায়ী

News18 Assam | News18-Assam
Updated:August 2, 2020, 1:25 PM IST
সুৰাপায়ী সকল সাৱধান! আবকাৰী বিভাগৰ হাতলৈ বিশেষ যন্ত্ৰ, দূৰৰ পৰাই ৫ ছেকেণ্ডতে চিনাক্ত কৰিব পাৰিব সুৰাপায়ী
কোৰোণাৰ পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগেও ল’লে আন এক পদক্ষেপ।

কোৰোণাৰ পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগেও ল’লে আন এক পদক্ষেপ।

  • Share this:
সুৰাপায়ী সকলৰ বাবে আহিছে এটা বেয়া খবৰ!  পূৰ্বৰ দৰে এতিয়াৰ পৰা ব্ৰেথ এনালাইজাৰৰ জৰিয়তে মুখৰ আগত সেই যন্ত্ৰটোৰে সুৰাপান কৰা সকলক চিনাক্ত নকৰে প্ৰশাসনৰ লোকে।কোৰোণাৰ পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগেও ল’লে আন এক পদক্ষেপ।

মহানগৰীৰ বিশেষকৈ সুৰাপান কৰি যান-বাহন চলোৱা সকল এতিয়াৰ পৰা সাৱধান হ’ব লাগিব ৷ অত্যাধুনিক এলক’পেট্ৰেল ব্ৰেথ এনালাইজাৰৰ জৰিয়তে আবকাৰী বিভাগে ৫ ছেকেণ্ডৰ ভিতৰতে বহু দূৰৰ পৰাই সুৰাপায়ীসকলক চিনাক্ত কৰিব পৰা এই মেচিন ক্ৰয় কৰিছে। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ প্ৰচেষ্টাত ৰাজ্যৰ আবকাৰী বিভাগে ২৫০টা তেনে অত্যাধুনিক মেচিন ক্ৰয় কৰিছে।

হংকঙৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰা এই মেচিনটো কোৰোণাৰ এই পৰিস্থিতিত উন্নত দেশবোৰে ব্যৱহাৰ কৰি আছে। এলক’পেট্ৰেল নামৰ এই মেচিনটো ইতিমধ্যে ৰাজ্যৰ জিলাসমূহলৈ প্ৰেৰণ কৰিছে। ইয়াৰ ফলত ৰাজহুৱা স্থানত আইন উলংঘা কৰি সুৰাপান কৰা সকলক চিনাক্ত কৰিব পাৰিব আবকাৰী বিভাগৰ লোকে। কোৰোণাৰ বাবে ব্ৰেথ এনালাইজাৰৰ জৰিয়তে ৰাজহুৱা স্থানত সুৰা সেৱন কৰা সকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া বন্ধ হৈ আছিল যদিও এতিয়াৰে পৰা ব্যৱহাৰ কৰিব এই যন্ত্ৰ।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 1:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading