অসম ফিচাৰি ডেভেলপমেন্ট কৰ্পৰেচনৰ নিযুক্তি কেলেংকাৰীক লৈ সৰৱ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। অহা ২৮ জুলাইৰ ভিতৰত জাননীৰ উত্তৰ দিব নোৱাৰিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব AFDCৰ ২১৭ গৰাকী কৰ্মীক।
শনিবাৰে হাইলাকান্দিত জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্হিত হৈ সংবাদ মাধ্যমৰ আগতে এই মন্তব্য কৰে আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । তেওঁৰ মন্তব্য– ''অসম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেচনে সুকীয়াভাৱে কাৰ্য সম্পাদন কৰি আহিলেও এয়া মীন বিভাগৰ অধীনত পৰে। ৰাজ্য চৰকাৰে ইতিমধ্যে এই কৰ্পৰেচনৰ ভিতৰত হোৱা নিযুক্তিৰ তদন্ত কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবৰ নেতৃত্বত এটা ৪ জনীয়া কমিটি গঠন কৰি দিছিল। আৰু এই কমিটিয়ে দিয়া তদন্ত ৰিপোৰ্ট অনুসৰি ২২০ খন নিযুক্তিৰ ভিতৰতে ২১৭খন ভুৱা।''
ইতিমধ্যে অসম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেচনৰ এই ২১৭গৰাকী অবৈধ নিযুক্তিপ্ৰাপ্ত কৰ্মীক জাননী প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে । আৰু অহা ২৮ জুলাইৰ ভিতৰতে জাননীৰ উত্তৰ দিব নোৱাৰিলে এই সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। লগতে এইসকলক অবৈধভাৱে নিযুক্তি দিয়া ব্যক্তিসকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী শুক্লবৈদ্যই।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|