ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাচৱে অভিযান চলি থকাৰ সমান্তৰালভাৱে অব্যাহত আছে সুৰাৰ বিৰুদ্ধেও জোৰদাৰ অভিযান। পলাশবাৰীৰ নতুন কাৰীপাৰাত আজি আৰক্ষী আৰু আবকাৰী বিভাগে নষ্ট কৰিলে বৃহৎ পৰিমাণৰ চুলাই।
দেশৰ লগতে সমগ্ৰ ৰাজ্যত কোৰণা মহামাৰীৰ বিভীষিকাময় পৰিস্থিতিয়ে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰাৰ সময়তেই দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত ৰমৰমীয়াভাৱে অবৈধ চুলাই মদৰ বেহা চলাই আহিছে একাংশ ব্যৱসায়ীয়ে। বিশেষকৈ দক্ষিণ কামৰূপৰ পলাশবাৰী, ৰামপুৰ, বাটৰহাট, দখলা, উপৰহালী, ঝাৰোবড়ী, বৰিহাট, মিৰ্জা, গড়গড়া, পাৰ্ল্লী আদি বিভিন্ন ঠাইত সন্ধিয়া হ’লেই আৰম্ভ হয় চুলাই তথা বিলাতী সুৰাৰ ৰমৰমীয়া বেহা।
এই অবৈধভাৱে চলাই অহা সুৰাৰ বেহাৰ বিৰুদ্ধে কামৰূপ জিলাৰ আবকাৰী বিভাগৰ নিৰ্দেশত আজি মিৰ্জা আবকাৰী চক্ৰ আৰু বিজয়নগৰ আৰক্ষী চকীৰ সহযোগত নতুন কাৰীপাৰাত ঘৰে ঘৰে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ চুলাই নষ্ট কৰাৰ লগতে চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী নষ্ট কৰে। লগতে অনাগত সময়ত এই অভিযান তীব্ৰতৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে মিৰ্জা আবকাৰী চক্ৰৰ পৰিদৰ্শকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|