মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মালিগাঁও–পাণ্ডু–আদিংগিৰিৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগৰ অভিযান, কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত

মালিগাঁও–পাণ্ডু–আদিংগিৰিৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগৰ অভিযান, কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত

News18 Assam | News18-Assam
Updated:July 13, 2021, 12:46 PM IST
মালিগাঁও–পাণ্ডু–আদিংগিৰিৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগৰ অভিযান, কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত
এই অভিযানত চুলাই ঘাটি চলোৱা বহুকেইজন লোককো আবকাৰী বিভাগে আটক কৰে।

এই অভিযানত চুলাই ঘাটি চলোৱা বহুকেইজন লোককো আবকাৰী বিভাগে আটক কৰে।

  • Share this:
ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পিছতেই আবকাৰী বিভাগে অসমৰ চৌদিশে অব্যাহত ৰাখিছে চুলাইবিৰোধী অভিযান। উক্ত নিৰ্দেশৰ পিছতেই গুৱাহাটী মহানগৰীৰ মালিগাঁও-পাণ্ডু-আদিংগিৰিৰ বিভিন্ন অঞ্চলতো চলিল আবকাৰী বিভাগৰ অভিযান। জানিব পৰা মতে, অঞ্চলকেইটাত থকা অবৈধ চুলাই ঘাটিসমূহৰ বিৰুদ্ধে সোমবাৰে নিশা আৰু মঙলবাৰে পুৱাই চলা এই অভিযানত আবকাৰী বিভাগে বহুকেইটা অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে। ইয়াৰোপৰি নষ্ট কৰা হয় কেইবা হাজাৰ লিটাৰ অবৈধ চুলাইসহ চুলাই প্ৰস্তুতকৰণত ব্যৱহৃত বিভিন্ন সা-সামগ্ৰী।

এই অভিযানত চুলাই ঘাটি চলোৱা বহুকেইজন লোককো আবকাৰী বিভাগে আটক কৰে। মন কৰিবলগীয়া কথা যে, কোৰোণা পৰিস্থিতি উদ্বেগজনকভাৱে বেয়াৰ দিশলৈ গতি কৰা বহুকেইখন জিলাত ইয়াৰ সংক্ৰমণৰ অন্যতম মূল কাৰণ চুলাই বুলি ইতিমধ্যেই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পাছতেই আবকাৰী বিভাগক ৰাজ্যৰ চুকে-কোণে থকা এনেবোৰ চুলাই ঘাটিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশৰ পাছতেই অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে বিগত কেইবাদিন ধৰি আবকাৰী বিভাগে অব্যাহত ৰাখিছে নিজৰ অভিযান।
Published by: Sanjay Kumar Das
First published: July 13, 2021, 12:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি