অবৈধ সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত জাফৰ আলী নামৰ এজনক আটক কৰি আজি আদালতত হাজিৰ কৰোৱাৰ পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।
অবৈধ সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত জাফৰ আলী নামৰ এজনক আটক কৰি আজি আদালতত হাজিৰ কৰোৱাৰ পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।
বৰপেটা জিলাত অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষী বিভাগে অভিযান তীব্ৰতৰ কৰি তুলিছে। বৰপেটা চহৰৰ ওচৰৰ কেবাঠাইতো অভিযান চলাই ২৫০ লিটাৰ চুলাই জব্দ কৰাৰ পিছত মঙলবাৰে বৰপেটাৰোড থানাৰ অন্তৰ্গত কলহভাঙা, ৰে’লৱে কলনি, বাবুপাৰা আদিত অভিযান চলাই প্ৰায় ৩০০ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে আৰক্ষী আৰু আবকাৰীৰ সুকীয়া সুকীয়া অভিযানত মুঠ ৮৭ বটল অবৈধ বিদেশী সুৰাও জব্দ হয়।
৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কেইবাখনো হোটেলত আবকাৰী অধীক্ষকৰ নেতৃত্বত উপ অধীক্ষক আৰু বৰপেটাৰোড চক্ৰৰ পৰিদৰ্শকে তালাচী চলাই অবৈধভাৱে মজুত কৰি ৰখা ৩০ বটল দেশত নিৰ্মিত বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। এই অবৈধ সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত জাফৰ আলী নামৰ এজনক আটক কৰি আজি আদালতত হাজিৰ কৰোৱাৰ পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।
কালি সন্ধিয়া বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰভোগত এখন দোকানত সৰভোগ আৰক্ষীৰ সহযোগত সহযোগী চক্ৰ বিষয়া বিপুল নাথে তালাচী চলাই ৫৭ লিটাৰ অবৈধ বিলাতী সুৰা জব্দ কৰে। ইয়াৰ বজাৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা হ’ব বুলি ধাৰণা কৰা হৈছে। ক্ৰেতা–বিক্রেতাসকল পিছফালৰ দুৱাৰেদি পলাই যোৱাত কাকো আটক কৰিব পৰা নগ’ল। সুৰাখিনি পিছত আবকাৰী বিভাগক গতাই দিয়া হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|