কৃষকৰ ১৫ পইচাৰে পৰিচালিত হয় এখন বিদ্যালয় ৷ শুনিবলৈ আচৰিত লাগিলেও, এয়াই সচা ৷ বিদ্যালয়খন পৰিচালনাৰ বাবে প্ৰতিজন গো-পালকে প্ৰদান কৰে প্ৰতিলিটাৰ গাখীৰ মূল্যৰ পৰা ১৫ পইচাকৈ ৷ পিছে ক’ত আছে এই বিশেষ বিদ্যালয়খন?
কোনো বিশেষ উদ্যোগপতি বা ব্যৱসায়ীৰ টকাৰে নহয়, সাধাৰণ কৃষকৰ ধনেৰে চলে এখন বিদ্যালয় ৷ গো-পালকৰ ১৫ পইচাৰে পৰিচালিত হয় এই বিদ্যালয়খন ৷ হয়, ঠিকেই শুনিছে আপুনি ! এইখন জাগীৰোডৰ সীতাজখলা উচ্চ মাধ্যমিক বিদ্যালয় ৷
অঞ্চলটোৰ শিক্ষাৰ্থী সকলৰ উচ্চ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ সমাজ সচেতন লোকে ২০০৭ চনতে বিদ্যালয়খনত আৰম্ভ কৰিছিল উচ্চতৰ মাধ্যমিকৰ পাঠদান ৷ আজিও অপ্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পৰিচালনাৰ বাবে তুলি লৈছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷
তেতিয়াৰে পৰা বিদ্যালয়খনৰ প্ৰতিটো দিশ চোৱাচিতা কৰি আহিছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷ সমবায়খনৰ অধিনত থকা প্ৰতিজন গো-পালকৰ প্ৰতিলিটাৰ গাখীৰৰ ১৫ পইচাকৈ সংগ্ৰহ কৰি পৰিচালনা কৰি আহিছে বিদ্যালয়খন ৷
এই বিদ্যালয়খনৰ পৰাই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এগৰাকী ছাত্ৰী ৷ ভূগোল বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৰূপালী নমো দাস নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকী ৷ প্ৰতিবছৰে বানে গৰকা বৰখাল অঞ্চলৰ ছাত্ৰীগৰাকীৰ এই সাফল্যত আনন্দিত হৈ পৰিছে সীতাজখলাৰ গো-পালক সকল ৷
যাৰ বাবে ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কিছু আৰ্থিক সাহাৰ্যও প্ৰদান কৰে সীতাজখলাই ৷ সীতাজখলাৰ হৈ এখন ফুলাম গামোছা, এখন অভিধান আৰু পাঁচ হাজাৰ টকাৰ চেক প্ৰদান কৰে ক্ৰমে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন অধ্যক্ষ নাৰায়ণ কুমাৰ ৰাডু কাকতি, তিৱা স্বায়ত্ব পৰিষদৰ চৰকাৰী মনোনীত সদস্য খগেন চন্দ্ৰ দাস আৰু তিৱা স্বায়ত্ব পৰিষদৰ গোভা সমষ্টিৰ কাৰ্যৱাহী সদস্য মণি পাটৰে ৷
আনহাতে বিদ্যালয়খন অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাৰ লগতে কৰ্মকৰ্তা সকলে ৷
উল্লেখ্য যে এতিয়াও একাঁঠু পানীত ঘৰখন বুৰ গৈ থকাৰ বাবে সম্বৰ্ধনা গ্ৰহণ কৰিবলৈও কলৰ ভূৰত উঠি আহিবলগীয়া হ’ল ছাত্ৰীগৰাকী ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|