• Home
  • »
  • News
  • »
  • assam
  • »
  • Exceptional School: সীমান্তৰ এখন ব্যতিক্ৰমী বিদ্যালয়, চৰকাৰৰ নজৰত নপৰিলেও বিলাই গৈছে শিক্ষা

Exceptional School: সীমান্তৰ এখন ব্যতিক্ৰমী বিদ্যালয়, চৰকাৰৰ নজৰত নপৰিলেও বিলাই গৈছে শিক্ষা

প্ৰাদেশিকৃত নোহোৱাৰ বাবে অতি কষ্টেৰে বিদ্যালয় চলাই গৈছে শিক্ষকসকলে। এখন বেঞ্চত ৬ জনকৈ ছাত্ৰ-ছাত্ৰী বহি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে।

  • Share this:
চাৰিওফালে এতিয়া ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ জয়জয়কাৰ । ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ এই জয়যাত্ৰাত নিশ্চিহ্ন হ'বলৈ ধৰিছে বহু চৰকাৰী বিদ্যালয় । কিন্তু ইয়াৰ মাজতো আছে কিছু ব্যতিক্ৰম। হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ বিলাইপুৰ এলেকাত আছে এনে এখন ব্যতিক্ৰমী বিদ্যালয় ।

বনপল্লী উচ্চ মাধ্যমিক বিদ্যালয় নামৰ এই ব্যতিক্ৰমী বিদ্যালয়খনত আছে ছয় শতাধিক ছাত্ৰ-ছাত্ৰী । কিন্তু ১৯৮৭ চনত প্ৰতিষ্ঠিত এই বিদ্যালয়খন আজিলৈকে প্ৰাদেশিকৃত হোৱা নাই ।  বিলাইপুৰ এলেকাৰ প্ৰায় ২৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধত এইখনেই একমাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয় ।

কিন্তু প্ৰাদেশিকৃত নোহোৱাৰ বাবে অতি কষ্টেৰে বিদ্যালয় চলাই গৈছে শিক্ষকসকলে। এখন বেঞ্চত ৬ জনকৈ ছাত্ৰ-ছাত্ৰী বহি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। আন্তগাথনিৰ অভাবত শ্ৰেণী কক্ষৰ ভিতৰতে মিড-ডে-মিলৰ আহাৰো ৰান্ধিব লগা হৈছে । বিশুদ্ধ খোৱা পানীৰো নাই কোনো ব্যবস্থা। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলেও যোৱা প্ৰায় ৩৫ বছৰ ধৰি বিনা দৰমহাত সম্পূৰ্ণ ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰি আহিছে।  কিন্তু ইমানৰ পিছতো প্ৰতিবছৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে মাধ্যমিক পৰীক্ষাত চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰি আহিছে ।
Published by:Manjumoni Borah
First published: