ৰাজ্যৰ চাৰিওফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্যৰ বিপৰিতে এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। চৰকাৰী বিদ্যালয়ৰ মান নিম্নগামী হোৱাৰ বাতৰিয়ে সচেতন মহলক আশাহত কৰাৰ সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহলৈ প্ৰত্যাহ্বান এইখন চৰকাৰী বিদ্যালয়ৰ । যি সময়ত বিভিন্ন কাৰণত ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত মৃত্যুঘণ্টা বাজিবলৈ আৰম্ভ হৈছে তেনে সময়তে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত থকা ১৯৪ নং সোণাৰি নগৰ প্ৰাৰ্থমিক বিদ্যালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে ।
চৰাইদেউ জিলাৰ সোণাৰি শিক্ষা খণ্ডৰ অধীনস্থ এই বিদ্যালয়খনে সঠিক শিক্ষা আৰু সাংস্কৃতিক বাতাবৰণৰ মাজেৰে ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰিছে কিছু ব্যতিক্ৰমী পদক্ষেপ । প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক বৃন্দৰ লগতে অভিভাৱক-পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ ত্যাগ আৰু দায়বদ্ধতাৰ বাবে দিনক দিনে উন্নতিৰ জখলাৰে পত্ৰে-পুষ্প জাতিষ্কাৰ হৈ উঠিবলৈ সক্ষম হৈছে। এই বিদ্যালয়খন এতিয়া সমগ্ৰ অঞ্চলটোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
১৯১৮ চনতে প্ৰতিষ্ঠা কৰা চৰকাৰী বিদ্যালয়খনত বৰ্তমান ৩০৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। বিদ্যালয়খনৰ চৌহদত প্ৰবেশ কৰিলেই চকুত পৰে কিছুমান মন পৰশা বাক্য আৰু মধুৰ শব্দ, যিবোৰ কথাই বিদ্যালয়খনক দিছে এক অনন্য মাত্ৰা। তদুপৰি, বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণী কোঠা সজোৱা আছে মহান ব্যক্তি সকলৰ ফটো৷ শৈক্ষিক, সাংস্কৃতিক আৰু মানসিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা বিদ্যালয়খনৰ পৰা প্ৰতি বছৰে উৎপন্ন হয় বহুতো মানৱ সম্পদ ।
প্ৰতিদিনে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে লোৱা হয় বিশেষ পদক্ষেপ । গীত- নৃত্য, কবিতা আবৃত্তি আদি বিভিন্ন বিযয়ৰ ওপৰত চৰ্চা কৰা হয় । এনেধৰণৰ মনোৰঞ্জন কাৰ্যসূচীৰ লগতে আধ্যাত্মিক জ্ঞান আৰু কৃষি কাৰ্যৰ জ্ঞানো প্ৰদান কৰা হয় ছাত্ৰ-ছাত্ৰী সকলক ৷ বিদ্যালয়ৰ গুৰু-শিষ্যৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ প্ৰতি ধাউতি বৃদ্ধি কৰাই হৈছে শিক্ষকসকলৰ উদ্দেশ্য। গীত, মাত, বাতৰি পঠন, , নাট, কবিতা আবৃত্তি, মহৎলোকৰ বাণীৰে মুখৰিত বিদ্যালয় খনত মহান মহান মনিষীসকলৰ ব্যক্তিত্বৰ অনুকৰণ কৰাৰ লগতে বিভিন্ন দিৱস সমুহো বিদ্যালয়ত আয়োজন কৰা হয়।
উন্নত শিক্ষা প্ৰণালীৰ লগতে বিদ্যালয়খনত নতুনকৈ স্থাপন কৰা হৈছে এটি উন্নত মানৰ কম্পিউটাৰ শ্ৰেণী কোঠা আৰু ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীৰ আপতকালীন চিকিৎসাৰ বাবে আৰম্ভ কৰা হৈছে এটা আচুতীয়া চিকিৎসা কক্ষ৷ লগতে এই আচুতীয়া কোঠাটিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ্থে এখন বিচনা,ঔষধ, বিভিন্ন চিকিৎসালয়ৰ জৰুৰীকালিন যোগাযোগৰ নম্বৰ আৰু অঞ্চলটোত বাহন থকা লোক সকলৰ যোগাযোগ নম্বৰ বেৰত উলমাই ৰখা হৈছে। এই আচুতীয়া কক্ষতো বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক প্ৰণৱ গগৈ আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মফিদা বেগম প্ৰচেষ্টাত স্থাপন কৰা হয়।
লগতে ছাত্ৰছাত্ৰীক আকৰ্ষণ কৰিব পৰাকৈ বিদ্যালয় খনত আটকধুনীয়াকৈ সজোৱা হৈছে "ক" শ্ৰেণীৰ শ্ৰেণীকোঠা৷ অকণিৰ পুথিভঁৰাল নামেৰে এটা পুথিভঁৰালো স্থাপন কৰা হৈছে। বিদ্যালয় খনত আছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুদানেৰে ষোল্লটাকৈ বিভিন্ন শিক্ষাৰ সমল প্ৰস্তুত কৰা হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseআজি বিদ্যালয়ৰ চৌহদত জিলা প্ৰাথমিক শিক্ষা বিযষয়া ডঃ শুভলক্ষ্মী ৰাজকুমাৰী, অতিৰিক্ত উপায়ুক্ত তথা জিলা মিচন সমন্বয়ক মৌচুমী চেতিয়া, বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক প্ৰণৱ গগৈ, খণ্ড প্ৰাৰ্থমিক শিক্ষা বিষয়া অতুল দাসৰ লগতে বহু কেইজন প্ৰাক্তন ছাত্ৰ, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত এই বিদ্যালয়খনৰ নৱ ৰূপ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|