• Home
  • »
  • News
  • »
  • assam
  • »
  • Durga puja 2022 : ধুবুৰীত ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা, নাৰিকলৰ বাকলিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক এজন শিল্পীৰ

Durga puja 2022 : ধুবুৰীত ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা, নাৰিকলৰ বাকলিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক এজন শিল্পীৰ

এইবেলি দুৰ্গাপূজাত প্ৰায় এশটা নাৰিকলৰ বাকলিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকীয়ে।

এইবেলি দুৰ্গাপূজাত প্ৰায় এশটা নাৰিকলৰ বাকলিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকীয়ে।

এইবেলি দুৰ্গাপূজাত প্ৰায় এশটা নাৰিকলৰ বাকলিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকীয়ে।

  • Share this:
নাৰিকলৰ বাকলিৰ দুৰ্গা প্ৰতিমাৰে চমক সৃষ্টি কৰিবলৈ সাজু ধুবুৰীৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষ। বিগত প্ৰায় ২০ বছৰৰ পৰা বিভিন্ন অভিনৱ সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি বিপুল জনপ্ৰিয়তা লাভ কৰা ধুবুৰীৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষে এইবাৰো সাজু হৈছে পুনৰ এক আলোড়নৰ সৃষ্টি কৰিবলৈ।

এইবেলি দুৰ্গাপূজাত প্ৰায় এশটা নাৰিকলৰ বাকলিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকীয়ে। বিগত প্ৰায় তিনিমাহ ধৰি নিৰ্মাণ কৰি আছে এই দুৰ্গা প্ৰতিমা। প্ৰতিমাটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁৰ আৰু ৩–৪ দিন মানৰ প্ৰয়োজন হ’ব।

উল্লেখ্য যে, যোৱাবাৰ পূজাত ইলেক্ট্ৰিক বাল্বেৰে নিৰ্মাণ কৰা তেওঁৰ দুৰ্গা প্ৰতিমাই ব্যাপক জনপ্ৰিয়তা লভা কৰিছিল। ১৯৯২ চনৰ পৰাই শাক–পাচলি, প্লাষ্টিকৰ পানীৰ বটল আদি বিভিন্ন ব্যতিক্ৰমী সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি শিল্পীগৰাকীয়ে ভূয়সী প্ৰশংসা লাভ কৰি আহিছে।

উল্লেখযোগ্য যে শিল্পী প্ৰদীপ কুমাৰ ঘোষে ছাত্ৰ অৱস্থাৰ পৰাই দুৰ্গা পূজাৰ সময়ত কিবা নতুন শিল্পকৰ্ম কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁৰ মতে দেবী দুৰ্গাৰ প্ৰতি থকা তেওঁৰ ভক্তিয়ে পূজাৰ সময়ত কিবা এটা নতুন কৰিবলৈ অনুপ্ৰেৰণা পায়।

আনহাতে, এনে ধৰণৰ পেলনীয়া সামগ্ৰীৰে কিবা এটা নিৰ্মাণ কৰি যুৱ প্ৰজন্মক শিল্পকলাৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ইয়াৰ জৰিয়তে কৰ্মসংস্কৃতিৰ লগতে কৰ্মসংস্থাপন বৃদ্ধি কৰিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰে।
Published by:Sanjay Kumar Das
First published: