নঙলামুখত অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে এতিয়া ভোগালী বিহুক আদৰৰ ব্যাপক প্ৰস্তুতি। গাঁৱৰ ডেকা-বুঢ়াৰ অসমীয়া কৃষ্টিক ধৰি ৰখাৰ এই প্ৰয়াস দেখা গৈছে নলবাৰীতো৷
ভোগালী বিহুৰ অন্য আকৰ্ষণ মেজি আৰু ভেলাঘৰ৷ ভেলাঘৰটো কেতিয়াবা হৈ পৰে আন কাৰোবাৰ বাবে আদৰ্শ৷ নলবাৰীৰ মাজদিয়াত এইবাৰ গঞা ৰাইজে এটি ব্যতিক্ৰমী ভেলাঘৰ প্ৰস্তুত কৰি এতিয়া চৰ্চাত৷
মাজদিয়াবাসীয়ে প্ৰতিবছৰে নিৰ্মাণ কৰি আহিছে বুৰঞ্জীৰ আধাৰত প্ৰতীকপট আৰ্হিত ভেলাঘৰ৷ এইবাৰো ষষ্ঠবাৰ্ষিক ভোগালী বিহু উদযাপনৰ ব্যাপক আয়োজন চলাইছে গাঁওবাসীয়ে। এইবাৰ ভেলাঘৰ সজা হৈছে মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি সজীৱ কৰি। নৰিয়া দেহাৰে লাচিত বৰফুকনে নাৱত উঠি মোগলক আক্ৰমণ কৰাৰ প্ৰতীকপট ভেলাঘৰটো সাজিছে তেওঁলোকে ৷ ইয়াৰ পূৰ্বে মাজদিয়াবাসীয়ে গহপুৰ থানাত কনকলতা বৰুৱাই পতাকা উত্তোলন কৰা প্ৰতীকপটৰ ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে পঞ্চমবৰ্ষত জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়াৰ বিৰল প্ৰতীকপট ভেলাঘৰ নিৰ্মাণ কৰি চৰ্চাত আছিল।
অঞ্চলটোৰ কণ কণ শিশুসকল বুৰঞ্জীৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে মাজদিয়াবাসীয়ে এনেধৰণে ব্যতিক্ৰমী ভেলাঘৰ সাজি সকলোকে আকৰ্ষিত কৰি আহিছে৷ মাঘ বিহুৰ দিনটোত সাংস্কৃতিক সন্ধিয়াৰ লগতে নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰে উদ্যোক্তাসকলে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।