
চাৰি ঘণ্টাৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট সেৱা
চাৰি ঘণ্টাৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট সেৱা
ৰাজ্যৰ ২৪ জিলাত মুঠ ১৪,৩০,৩৩৭ গৰাকী প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বহাৰ বাবে উপস্থিত হৈছে কেন্দ্ৰসমূহত। মুঠ ৯০০টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। দিনৰ ১০ টাৰ পৰা ১২ টালৈ আৰু ২টাৰ পৰা ৪টালৈ অনুষ্ঠিত হব পৰীক্ষা। এই পৰীক্ষাৰ বাবে উক্ত সময়ত ২৪ জিলাত বন্ধ থাকিব ইণ্টাৰনেট সেৱা। একেদৰে ২৮ আগষ্টতো অনুষ্ঠিত হ'ব চাকৰিৰ বাবে এনে পৰীক্ষা।
৩০ হাজাৰ চাকৰিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষা প্ৰক্ৰিয়াত যাতে কোনোধৰণৰ ব্যাঘাত নজন্মে, তাৰ বাবে উপায়ুক্তকে ধৰি আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়া হৈছে৷ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ২৪খন জিলাৰ প্ৰতিখনতে একোজনকৈ নডেল বিষয়াৰ লগতে পৰীক্ষা কেন্দ্ৰসমূহত চৰকাৰী ৰাজপত্ৰিত বিষয়াসকলক পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|