অসমৰ জাতীয় জীৱনৰ সম্পদ গামোচাৰ এটা শেহতীয়া সংজ্ঞা আহিছে। এই সংজ্ঞা আহিছে পৰীক্ষা প্ৰস্তুতিৰ বিখ্যাত মঞ্চ তথা এপ 'গ্ৰেডআপ' (gradeup)ত এজন শিক্ষকৰ এটা ভিডিঅ' ক্লিপত। তেওঁ ছাত্ৰক উন্নতমানৰ শিক্ষা প্ৰদানৰ সময়ত ব্যাখ্যা কৰিছে এইদৰে– 'গামোচা মানে মূলতঃ এটা জন্তু।'
'ভাৰতৰ কোনখন ৰাজ্যত গামোচাক সাংস্কৃতিক প্ৰতীক ৰূপে গণ্য কৰা হয়?' প্ৰশ্নটোৰ ব্যাখ্যা ছাত্ৰৰ আগত উপস্থাপন কৰাৰ সময়ত শিক্ষকগৰাকীয়ে গামোচাক জন্তু ৰূপে আখ্যায়িত কৰি ছাত্ৰক 'জ্ঞান' দিয়ে।
Seriously @gradeupapp ? 'Gamocha' is an Animal?? pic.twitter.com/it5JT5dHRF
— Saleh Ahmed (@i_SalehAhmed) August 25, 2021
এক জনপ্ৰিয় পৰীক্ষা প্ৰস্তুতিৰ পাঠশালাত অসমৰ গামোচাৰ এই নতুন সংজ্ঞাই স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। 'Gradeup', যিয়ে এছ এছ চি, বেংকিং, ৰে'লৱে, শিক্ষকতা, জে ই ই, গেট, এন ই ই টি, ইউ পি এছ চি, প্ৰতিৰক্ষা আৰু ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থীক শিক্ষাদান কৰি আহিছে, তেনে এক প্ৰতিষ্ঠানৰ শিক্ষকে গামোচাক এটা জন্তু ৰূপে সংজ্ঞায়িত কৰাটো অপমানজনকেই নহয় এক অপৰাধো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|