ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ, পদপথত বাস কৰা লোকক আগবঢ়ালে খাদ্য সামগ্ৰী 

News18 Assam | News18-Assam
Updated:June 7, 2021, 11:06 AM IST
ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ, পদপথত বাস কৰা লোকক আগবঢ়ালে খাদ্য সামগ্ৰী 
ৰঙিয়া নগৰখনৰ পদপথত বসবাস কৰা লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিলে এইসকল ছাত্ৰ–ছাত্ৰীয়ে।

ৰঙিয়া নগৰখনৰ পদপথত বসবাস কৰা লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিলে এইসকল ছাত্ৰ–ছাত্ৰীয়ে।

  • Share this:
ৰঙিয়াত ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ। একাংশ প্ৰাক্তন ছাত্র-ছাত্ৰীয়ে পদপথৰ লোকসকলক লোকক আগবঢ়ালে খাদ্য সামগ্ৰী। মহাবিদ্যালয়খনৰ একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী লগ হৈ কিছু সকাহ দিলে পদপথত বাস কৰা লোকসকলক।

ৰঙিয়া নগৰখনৰ পদপথত বসবাস কৰা লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিলে এইসকল ছাত্ৰ–ছাত্ৰীয়ে। হাফ-লকডাউনৰ ফলত পদপথত বসবাস কৰা লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এসাঁজ খাই এসাঁজ লঘোনে থকা পৰিস্থিতিৰ সৃষ্টি হৈছে পদপথৰ লোকসকলৰ। তাৰ মাজতে ৰঙিয়া মহাবিদ্যালয়ৰ একাংশ ছাত্র-ছাত্ৰীয়ে লগ লাগি কিছু পৰিমাণে সাহায্য আগবঢ়ায় এই লোকসকলক।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 11:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি