গোলাঘাট জিলাৰ বৰপথাৰত ভয়াৱহ পথ দুৰ্ঘটনা। বুধবাৰে নিশা প্ৰায় ৯.১৫ বজাত জালজৰী গাঁৱৰ শিৱমন্দিৰৰ সমীপত হোৱা পথ দুৰ্ঘটনাত যুৱ ব্যৱসায়ী তথা প্ৰাক্তন ছাত্ৰ নেতা ৰঞ্জিৎ বৰাৰ মৃত্যু হয়। বলেৰ' পিকআপে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় ৰঞ্জিৎ বৰা। চিকিৎসাৰ বাবে গোলাঘাটত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
কেঁচা চাহপাতৰ ব্যৱসায়ত জড়িত আছিল যুৱকজন। ৰেংমা চাহ বাগানত কেঁচা চাহ পাত দি ঘৰলৈ ঘূৰি অহা পথত সংঘটিত হয় দুৰ্ঘটনাটো। ৰঞ্জিৎ বৰা আছিল বৰপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি।
মৃত্যুৰ সময়ত পত্নী, পিতৃ মাতৃ, দুজন ভাতৃ আৰু এগৰাকী ভগ্নীক এৰি থৈ যায়। অতি অমায়িক তথা সৰবৰহী যুৱকজনৰ মৃত্যুত বৰপথাৰ তথা ধনশিৰি মহকুমাত শোকৰ ছাঁ পৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|