অসম ক্ৰিকেট সন্থাৰ (ACA) প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক (Pradip Burhagohain) গ্ৰেপ্তাৰ। মাজনিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৫০ কোটিতকৈও অধিক বিত্তীয় খেলিমেলিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইক। অসম ক্ৰিকেট সন্থাই ফটাশিল থানাত দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন সম্পাদকগৰাকীক।
সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, ২০১৬ চনৰ পৰা ২০১৯ চনলৈ অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্বত থকাৰ সময়তে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত প্ৰায় ৫০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল প্ৰদীপ বুঢ়াগোহাঁয়ে।
এচিএৰ বৰ্তমানৰ কমিটীয়ে এই কেলেংকাৰী সন্দৰ্ভত মহানগৰীৰ ফটাশিল থানাত এক গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, খেলুৱৈৰ বাবে জাৰ্ছী ক্ৰয়, অনুশীলনৰ বাবে বল ক্ৰয়, ষ্টেডিয়ামৰ অনুশীলন গ্ৰাউণ্ডৰ আৰ্ট ফিলিং, পিটছ নিৰ্মাণ আদিৰ নামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী।
অসম ক্ৰিকেট সন্ধাৰ বৰ্তমানৰ কমিটীয়ে সেই সময়ৰ কাম–কাজৰ হিচাপ পৰীক্ষাৰ পিছতে এই কেলেংকাৰী পোহৰলৈ আহে। ইয়াৰ পিছতে ফটাশিল থানাত গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে বুঢ়াগোহাঁইক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|