বৃদ্ধাশ্ৰমৰ পৰা ঘৰলৈ উভতিল ড০ নন্দেশ্বৰ ৰাজ মেধি

অৱসৰপ্ৰাপ্ত অধ্যাপকজনক ওভতাই নিবলৈ অহা দুই পুত্ৰক পুনৰ ভৱিষ্যতে এনে ঘৃণনীয় কাম নকৰিবলৈ অনুৰোধ জনায় স্থানীয় লোকে।

News18-Assam
Updated:July 9, 2019, 12:10 PM IST
বৃদ্ধাশ্ৰমৰ পৰা ঘৰলৈ উভতিল ড০ নন্দেশ্বৰ ৰাজ মেধি
ফটো : ফেচবুক
News18-Assam
Updated: July 9, 2019, 12:10 PM IST
অৱশেষত আপোন ঘৰখনলৈ উভতিল পুত্ৰ–বোৱাৰীৰ নিৰ্যাতনৰ বলি হৈ বৃদ্ধাশ্ৰমত আশ্ৰয় লোৱা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ নন্দেশ্বৰ ৰাজ মেধি। প্ৰায় ডেৰ মাহৰ মূৰত পৰিয়ালৰ লোকে নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ পৰা ঘৰলৈ ওভতাই নিলে অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীক।

উল্লেখযোগ্য যে সন্দিকৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীক কেইটামান টকাৰ লোভত সৰু পুত্ৰই চলাইছিল অকথ্য নিৰ্যাতন। মদ খাবলৈ পইচা নিদিলেই মাৰপিট কৰিছিল পিতৃ–মাতৃক। লাজ আৰু আত্মসন্মানৰ বাবেই বহুদিন পুত্ৰৰ নিৰ্যাতন নীৰৱে সহ্য কৰি আহিছিল ড০ নন্দেশ্বৰ ৰাজ মেধিয়ে। উপায়হীন হৈ দুবাৰকৈ আত্মহত্যাৰ চেষ্টাও চলাইছিল লোকজনে।

চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছতে সৰুপুত্ৰৰ চকু পৰিছিল পিতৃৰ পেঞ্চনৰ টকাকেইটাত। প্ৰতিদিনেই সুৰাপান কৰিবলৈ পিতৃৰ পৰা পইচা বিচাৰিছিল সৰু পুত্ৰই। পইচা দিবলৈ অমান্তি হ’লে মাৰপিট কৰিছিল পিতৃ–মাতৃক।

সন্তানৰ চৰম নিৰ্যাতনৰ বলি হোৱা ড০ নন্দেশ্বৰ ৰাজ মেধিক এদিন নলবাৰীৰ শান্তি নিবাস বৃদ্ধাশ্ৰমলৈ লৈ আহিছিল এজন হৃদয়বান লোকে। তাৰ পিছৰ পৰাই প্ৰায় ডেৰ মাহ ধৰি বৃদ্ধাশ্ৰমত থাকিবলৈ লয় একালৰ অধ্যাপক ড০ নন্দেশ্বৰ ৰাজ মেধিয়ে। এই খবৰ সবিস্তাৰে সম্প্ৰচাৰ হৈছিল NEWS18ত।

দেওবাৰে নন্দেশ্বৰ ৰাজ মেধিৰ দুই পুত্ৰ উপস্থিত হয় বৃদ্ধাশ্ৰমখনত। পিতৃক ঘৰলৈ ওভতাই নিবলৈ আহিল দুই পুত্ৰ। অৱসৰপ্ৰাপ্ত অধ্যাপকজনক ওভতাই নিবলৈ অহা দুই পুত্ৰক পুনৰ ভৱিষ্যতে এনে ঘৃণনীয় কাম নকৰিবলৈ অনুৰোধ জনায় স্থানীয় লোকে।
আৰু চাওক পৰৱৰ্তী বাতৰি