ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিৰণ্য ভূঞাৰ কংগ্ৰেছ ত্যাগ

হিৰণ্য ভূঞাই ২০১৬ চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা খেলিছিল নিৰ্বাচন৷

News18-Assam
Updated:August 11, 2019, 10:44 AM IST
ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিৰণ্য ভূঞাৰ কংগ্ৰেছ ত্যাগ
হিৰণ্য ভূঞাই ২০১৬ চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা খেলিছিল নিৰ্বাচন৷
News18-Assam
Updated: August 11, 2019, 10:44 AM IST
পদত্যাগৰ যেন এতিয়া জোৱাৰহে উঠিছে অসম প্ৰদেশ কংগ্ৰেছত৷ ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে ত্যাগ কৰিছে দল৷ ভুৱনেশ্বৰ কলিতা, শান্তিউছ কুজুৰ, গৌতম ৰয়ৰ পিছত দেওবাৰে দলত্যাগ কৰিলে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই৷ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিৰণ্য ভূঞাই ২০১৬ চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা খেলিছিল নিৰ্বাচন৷ পৰাজিত হৈছিল বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বৃন্দাবন গোস্বামীৰ হাতত৷ সদ্য দলত্যাগী কংগ্ৰেছৰ যুৱ নেতাজনে যোগদান কৰিব বিজেপিত।
আৰু চাওক পৰৱৰ্তী বাতৰি