உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Ex Padadhikar Died : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াৰ পৰলোকপ্ৰাপ্তি , ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।

    Ex Padadhikar Died : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াৰ পৰলোকপ্ৰাপ্তি , ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।

    ২০০৩ চনত  শিৱসাগৰ জিলাৰ ৭২ সংখ্যক অধিবেশন আৰু ২০০৪ চনত  দৰং জিলাৰ ৭৩ সংখ্যক অধিবশনৰ পদাধিকাৰৰ পদ অলংকৃত কৰিছিল প্ৰয়াত মুখ্যেশ্বৰ শইকীয়াই।

    ২০০৩ চনত  শিৱসাগৰ জিলাৰ ৭২ সংখ্যক অধিবেশন আৰু ২০০৪ চনত  দৰং জিলাৰ ৭৩ সংখ্যক অধিবশনৰ পদাধিকাৰৰ পদ অলংকৃত কৰিছিল প্ৰয়াত মুখ্যেশ্বৰ শইকীয়াই।

    ২০০৩ চনত  শিৱসাগৰ জিলাৰ ৭২ সংখ্যক অধিবেশন আৰু ২০০৪ চনত  দৰং জিলাৰ ৭৩ সংখ্যক অধিবশনৰ পদাধিকাৰৰ পদ অলংকৃত কৰিছিল প্ৰয়াত মুখ্যেশ্বৰ শইকীয়াই।

    • Share this:
    উত্তৰ-পূৱৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াৰ বুধবাৰে বিয়লি ৫.৩০ বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ২০০৩ চনত  শিৱসাগৰ জিলাৰ ৭২ সংখ্যক অধিবেশন আৰু ২০০৪ চনত  দৰং জিলাৰ ৭৩ সংখ্যক অধিবশনৰ পদাধিকাৰৰ পদ অলংকৃত কৰিছিল প্ৰয়াত মুখ্যেশ্বৰ শইকীয়াই।

    ১৯৩৬ চনত জাঁজী ভূঞাহাট দলৌগাঁৱত জন্ম হোৱা প্ৰাক্তন পদাধিকাৰ গৰাকীয়ে  ২২ বছৰ কাল একেৰাহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ দায়িত্ব পালন কৰি ধৰ্মীয় অনুষ্ঠানটি অধিক গতিশীল কৰি তুলিছিল। ১৯৫৬ চনৰে পৰা গুৰুজনাৰ ধৰ্মীয় দৰ্শনৰ প্ৰতি আকৃষ্ট হোৱা পদাধিকাৰ গৰাকীয়ে ১৯৬২ চনত টীয়ক হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে যদিও ১৯৬৩ চনত ৰজাবাৰী এম ই স্কুললৈ আহে আৰু ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰে।

    ২০০৭ চনৰ পৰা শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাই ১৪ এপ্ৰিল দিনটো তেখেতৰ জন্মদিন হিচাপে পালন কৰি আহিছে। ২০০৬ চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰৱৰ্তিত লোক সেৱক হলধৰ বঁটা প্ৰদান কৰে প্ৰয়াত পদাধিকাৰ গৰাকীক। একেদৰে  ২০০৯ চনত টীয়ক প্ৰেছ ক্লাৱৰ দ্বাৰা প্ৰৱৰ্তিত অসম গৌৰৱ বঁটা আগবঢ়াই তেখেতলৈ।

    আজি সন্ধিয়া তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই অসংখ্য গুণমুগ্ধই ভিৰ কৰেহি তেখেতৰ টীয়কৰ মূদৈজান ভৰলুৱাস্থিত বাসগৃহত। বিভিন্ন জনে শোক প্ৰকাশ কৰি কয় - প্ৰয়াত পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘক এক সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। জীৱনৰ অধিক সময় সংঘৰ নামতেই উছৰ্গা কৰা তেখেতৰ দৰেই মহান ব্যক্তিসকলৰ নিৰলস প্ৰচেষ্টাত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ এক সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হিচাপে পৰিচিত। ইতিমধ্যে নিজা বাসগৃহতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াৰ লগতে বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে।
    Published by:Manjumoni Borah
    First published: