কাৰাৰুদ্ধ এন ডি এফ বি নেতা ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত আজি পুনৰ উত্তাল হৈ পৰে বাক্সাৰ বৰমা৷ পোন্ধৰ আগষ্টৰ পূৰ্বে মুক্তি নিদিলে ৰাজ্যজুৰি কৰিব ধাৰাবাহিক আন্দোলন৷ বিটিআৰ চুক্তি অনুসৰি ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী জনায় বাক্সা জিলা প্ৰাক্তন এন ডি এফ বি সদস্যসকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী৷
উল্লেখ্য যে বাক্সা জিলাৰ বৰমাৰ ৰাজহুৱা খেলপথাৰত আজি প্ৰাক্তন এন ডি এফ বি সদস্যসকলে একত্ৰিত হৈ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী জনায় প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰাক্তন এন ডি এফ বিৰ প্ৰায় শতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ ৰঞ্জন দৈমাৰীক মুক্তি দিয়ক, এন ডি এফ বি সকলক সংস্থাপন দিয়ক, বিটিআৰ চুক্তি কাৰ্যকৰী কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷
কাৰ্যসূচীত অংশ লৈ প্ৰাক্তন এন ডি এফ বি কল্যাণ পৰিষদৰ সহকাৰী বিত্ত সম্পাদক যোগেন বসুমতাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি এন ডি এফ বিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এই দুয়োগৰাকী নেতাই কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে৷ প্ৰাক্তন এন ডি এফ বিৰ নেতাগৰাকীয়ে পোন্ধৰ আগষ্টৰ পূৰ্বে ৰঞ্জন দৈমাৰীক মুক্তি নিদিলে ধাৰাৱাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে৷
ইফালে বি টি আৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী সৰৱ হৈ পৰিছে অন্যান্য বড়ো সংগঠন। আজি বাক্সাৰ বৰমাত বড়ো পিপলছ কমিটী ফৰ পীচ ইনিচিয়েটিভ আৰু বড়ো অ’মেন জাষ্টিচ ফৰামৰ যৌথ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেলত সংগঠন দুয়োটাৰ ফালৰ পৰা বি টি আৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ লগতে কাৰাগাৰত থকা সকলো সদস্যক শীঘ্ৰেই মুক্তি দিয়াৰ দাবী জনায়। বড়ো শান্তি চুক্তিৰ প্ৰতি সন্মান জনাই এন ডি এফ বিৰ সকলো সদস্যকে সংস্থাপন দিয়াৰো দাবী জনায় সংগঠন দুটাই। ৰাজনৈতিকভাৱে এন ডি এফ বিৰ নেতাগৰাকীক মুক্তি দিবলৈ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায়৷ অন্যথা সময়ত পৰিস্থিতি অন্য দিশে গতি কৰিব বুলিও হুংকাৰ দিয়ে সংগঠন দুটাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|