'শান্তিৰ নামত চুক্তি কৰিলেই নহ'ব ৷ চুক্তি অনুসৰি এন ডি এফ বি কেডাৰসকলক পুনৰ সংস্থাপনো দিব লাগে ৷ পুনৰ সংস্থাপন নিদিলে আমি পুনৰ হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম৷' -বাক্সা জিলাৰ শালবাৰীত প্ৰাক্তন এন ডি এফ বিৰ কেডাৰসকলে আজি এক সংবাদ মেল সম্বোধন কৰি অসম চৰকাৰ আৰু বিটিআৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এইদৰে কয় ।
প্ৰাক্তন এন ডি এফ বি কেডাৰসকলে শান্তি চুক্তিৰ নামত কেডাৰসকলক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাত অসম চৰকাৰ আৰু বিটিআৰ কৰ্তৃপক্ষই গাফিলতি কৰি আহিছে বুলি উল্লেখ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়ো সমাজক পুতলাৰ দৰে নচুৱাই আছে । শান্তি চুক্তিৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ডাঙৰ ডাঙৰ কথা কৈছিল, কিন্তু এতিয়া এন ডি এফ বিসকলৰ দুখ–কষ্ট বুজি নোপোৱা হৈছে বুলি সংবাদমেলত উল্লেখ কৰে।
সংবাদমেলত প্ৰাক্তন এন ডি এফ বিসকলে সংস্থাপনৰ নামত চৰকাৰে গৰু পালন, হাঁহ-কুকুৰা পালন কৰিব দিয়া বিষয়ক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়– 'হাঁহ-কুকুৰা আমাৰ মা-দেউতাহঁতেও বছৰ বছৰ ধৰি পালন কৰি আহিছে ৷ এইবিলাক নহয় আমাক সংস্থাপন লাগে ৷ আমি সংস্থাপন বিচাৰোঁ ৷ শান্তি চুক্তিৰ নামত আমাক প্ৰতাৰণা কৰিব নালাগে ৷'
লগতে একাংশ বড়ো যুৱকে পুনৰ NLFB নামৰ উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়াটো দুৰ্ভাগ্যজনক আখ্যা দি ৰঞ্জন দৈমাৰীকে ধৰি জে'লত বন্দিত্বৰ জীৱন অতিবাহিত কৰা প্ৰাক্তন এন ডি এফ বি কেডাৰসকলক জেলৰ পৰা মুকলি কৰি দিয়াৰ আহ্বান জনায় । তেওঁলোকে কয় যে ৰঞ্জন দৈমাৰ এন ডি এফ বিৰ প্ৰতিষ্ঠাপক ৷ গতিকে তেওঁক জে'লৰ পৰা মুকলি কৰি দিব লাগে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|