বিভিন্ন সংময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।
বিভিন্ন সংময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।
‘কথাতে বটা পায়, কথাত কটা যায়। মুখৰ কথাত চন্দ্ৰটো ঘৰ সাজিব পাৰি ৷’- এই বাক্যশাৰী যেন এতিয়া ফলিয়াইছে প্ৰাক্তন সাংসদ , তথা ন -কংগ্ৰেছী আৰ পি শৰ্মা ৷ বিভিন্ন সংময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে প্ৰাক্তন সাংসদগৰাকীয়ে। এইবাৰ ন-কংগ্ৰেছী আৰ পি শৰ্মা সৰব হ’ল ভাৰত-চীনৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত।
মন্ত্ৰীগৰাকীয়ে কয় যে, ‘মাটিৰ বাবেই মহাভাৰতৰ যুদ্ধত হৈছিল৷ মহাভাৰতত পাঁচ খন গাওঁ নিদিয়াৰ বাবে কৌৰব বংশ শেষ হৈছিল ৷ গতিকে মাটিয়েই দেশৰ পৰিচয়। মাটিৰ বাবে চীন-ভাৰতৰ যুদ্ধ হ’ব লাগে ৷ মই প্ৰতিৰক্ষা মন্ত্ৰী হ’লে চীনা সৈন্যক ১০ কিলোমিটাৰ দূৰৈত খেদিলো হেতেন৷
চীনৰ প্ৰসংগত প্ৰধানমন্ত্ৰীক সমালোচনা কৰি প্ৰাক্তন সাংসদ আৰ পিয়ে কলে, ‘চৰকাৰে নিজৰ দোষ ঢাকিবলৈ চীনে মাটি দখল কৰা নাই বুলি প্ৰকাশ কৰিছে ৷ প্ৰকৃতাৰ্থত চীনে ভাৰতৰ মাটি দখল কৰিছে যাৰ বাবে ২০জোৱান শ্বহীদ হ’ব লগা হ’ল ৷ অশান্তি বিচৰা দেশৰ লগত শান্তি বিচাৰি লাভ নাই ৷ যুদ্ধ হ’ব লাগে। মই প্ৰতিৰক্ষা মন্ত্ৰী হোৱা হ’লে চীনক এক ইঞ্চিও মাটি এৰি নিদিলো হেতেন ৷ যুদ্ধৰ নিৰ্দেশেই দি দিলো হেতেন ৷ দুই হাজাৰ চীনাক মাৰিলো হেতেন।’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|