• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাত মোৰ আপত্তি আছিল, বাৰিষাৰ পানীয়ে লেতেৰা কৰিলে বিজেপিক’

‘হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাত মোৰ আপত্তি আছিল, বাৰিষাৰ পানীয়ে লেতেৰা কৰিলে বিজেপিক’

Source-Google

Source-Google

বাৰিষাৰ পানী অশুদ্ধ হোৱাৰ দৰে কংগ্ৰেছী আহি বিজেপিক অশুদ্ধ কৰিলে– এই মন্তব্য সদ্য বিজেপি ত্যাগী ৰাম প্ৰসাদ শৰ্মাৰ

  • Share this:
    ৰাজু বৰুৱা, এচিছটেণ্ট চীফ ৰিপ’ৰ্টাৰঃ ‘এতিয়া বিজেপি বিজেপি হৈ থকা নাই, কংগ্ৰেছীয়ে গ্ৰাস কৰিলে বিজেপিক! যদিও ২০১৫ চনলৈকে বিজেপি বিশুদ্ধ আছিল, কিন্তু পিছত বাৰিষাৰ পানী অশুদ্ধ হোৱাৰ দৰে কংগ্ৰেছী আহি বিজেপিক অশুদ্ধ কৰিলে। হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাত মোৰ আপত্তি আছিল।’

    ‘সিদ্ধাৰ্থ শংকৰ দাস,পৰেশ কাকতি,শংকৰ দাস,জিতু কিষাণ, দিগন্ত ঘাটোৱাৰহঁতক বিজেপিয়ে একো নিদিলে! নতুনকৈ অহা সকলে সব পালে। ভুবনেশ্বৰ কলিতাক এতিয়াই কিয় ৰাজ্যসভালৈ নিয়ে? আমি ইটা বালীৰে সজা বিজেপি নামৰ ঘৰটোত আমাৰ স্থান নাই’

    এনেদৰে এতিয়া নিজ হাতেৰে গঢ় দিয়া বিজেপি দলত এলাগী হৈ দলত্যাগ কৰিবলৈ বাধ্য হোৱা তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। পুৰণি কৰ্মী সকলক কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়া বাৰে বাৰে আৱেগিক হৈ পৰিছে ৰাম প্ৰসাদ শৰ্মা।

     

     

     
    First published:

    শেহতীয়া বাতৰি