মুখ্যপৃষ্ঠা »খবৰ »অসম »‘হিমন্ত বিশ্ব শৰ্মাক বিশ্বাসঘাতকতা কৰি দলৰ পৰা খেদি পঠিওৱা গৌতম ৰয়কে আজি আদৰি ল’লে বিজেপিয়ে’

‘হিমন্ত বিশ্ব শৰ্মাক বিশ্বাসঘাতকতা কৰি দলৰ পৰা খেদি পঠিওৱা গৌতম ৰয়কে আজি আদৰি ল’লে বিজেপিয়ে’

Source-Google

Source-Google

গৌতম ৰয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতা কিৰিপ চলিহাৰ। একাংশ কংগ্ৰেছীৰ শেহতীয়া কৰ্মকাণ্ডক লৈও সৰব প্ৰাক্তন সাংসদগৰাকী।

  • Share this:
    প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰ আৰু যুৱ নেতা হিৰণ্য ভূঞাই দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। গৌতম ৰয়ে বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাই।

    যি গৌতম ৰয়ে  প্ৰথম হিমন্ত বিশ্ব শৰ্মাক বিশ্বাসঘাতকতা কৰি দলৰ পৰা খেদি পঠিয়াইছিল সেই গৌতম ৰয়কে আজি বিজেপিয়ে আদৰি ল’লে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি  কিৰিপ চলিহাই লগতে কয় যে ‘তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত  যি বুজাবুজি হৈছিল ,সেই বুজাবুজি ভাঙি দিয়া মানুহটোৱেই আছিল গৌতম ৰয় আৰু চন্দন সৰকাৰ‘



    একাংশ কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাতো দলৰ বাবে ক্ষতি কাৰক বুলিও উল্লেখ কৰে চলিহাই। কিন্তু কংগ্ৰেছী নেতাৰ দলত্যাগে দলটোক একো ক্ষতি নকৰে বুলি কোৱাটো হাস্যকৰ বুলি অভিহিত কৰে গুৱাহাটী সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীয়ে।

    সেইদৰে শনিবাৰে সাংসদ আব্দুল খালেকে কংগ্ৰেছ দলটোক ক্ষতি কৰা ‘গেলা-পচাবোৰ আঁতৰিব লাগে’ বুলি মন্তব্য কৰাৰ পিছত আজি খালেকক উভতি ধৰিলে কিৰিপ চলিহাই। আব্দুল খালেকক কটাক্ষ কৰি কিৰিপ চলিহাই কয় যে,  দলটোৰ পৰা আঁতৰি যোৱাবোৰেই কেৱল গেলা-পচা নেকি, দলটোত থকাবোৰ পচা নাই নেকি?’ইমান খিনি নেতাই দলত্যাগ কৰিলে তথাপিও কিন্তু  গাত কথা লগা নাই দলটোৰ উচ্চ পৰ্যায়ৰ নেতাসকলৰ। দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা সকল আঁতৰি যোৱাৰ পিছত এতিয়া কংগ্ৰেছত কোন সভাপতি-সম্পাদক হ'ব তাকে লৈ প্ৰতিযোগিতা  চলিছে কংগ্ৰেছৰ দলৰ ভিতৰচঁৰাত।’ এনেদৰে কংগ্ৰেছ দলৰ নেতাৰ শেহতীয়া কৰ্ম–কাণ্ডক লৈও গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ গৰাকীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

    শেহতীয়া বাতৰি